নিতৌ আখ্‌ৰোট খালে এইবোৰ উপকাৰ পোৱা যায়

1 min read

যিসকলে বাদাম খাই ভাল পায়, তেওঁলোকৰ বাবে আখ্‌ৰোট অতি পৰিচিত৷ কিন্তু ফেট থকা বুলি ভাবি বহুতে আখ্‌ৰোট খোৱাৰ পৰা বিৰত থাকে৷ পিছে এই ধাৰণা ভুল৷ আখ্‌ৰোটত থকা ফাইবাৰ, এণ্টিঅক্সিডেণ্ট, প্ৰ’টিন আৰু ওমেগা-৩ ফেটি এচিডে শৰীৰৰ বিভিন্ন উপকাৰ কৰে৷ আখ্‌ৰোটে হৃদৰোগ আৰু কেন্সাৰৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস কৰাৰ লগতে মস্তিষ্কৰ কাৰ্যকৰিতা ঠিকে ৰাখে৷ কলা অথবা বাদামি দুয়োবিধ আখ্‌ৰোটেই স্বাস্থ্যৰ বাবে উপকাৰী৷ উল্লেখ কৰা হ’ল আখ্‌ৰোট খালে হ’ব পৰা উপকাৰিতাসমূহ–

[১] হৃদযন্ত্ৰ ভালে ৰাখেঃ সুস্থ থাকিবলৈ হৃদযন্ত্ৰ ভালে ৰাখিবই লাগিব৷ হৃদযন্ত্ৰ ভালে ৰাখিবলৈ নিতৌ পুৱা আখ্‌ৰোট খোৱা কৰিব পাৰে৷ ইয়াত থকা ওমেগা-৩ ফেটিএচিড কাৰ্ডিঅ’ভাস্কুলাৰ ছিষ্টেমৰ বাবে উপকাৰী৷ নিতৌ কেইটামান আখ্‌ৰোট খোৱা কৰিব পাৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ তদুপৰি আখ্‌ৰোটে বেয়া কলেষ্টেৰল হ্ৰাস কৰি ভাল কলেষ্টেৰলৰ মাত্ৰা বঢ়োৱাত সহায় কৰে৷

[২] মস্তিষ্কৰ বিকাশ কৰেঃ আখ্‌ৰোট দেখিবলৈ মস্তিষ্কৰ আকৃতিৰ দৰে৷ এইবিধ বাদামে মস্তিষ্কৰ বিকাশত সহায় কৰে৷

[৩] কেন্সাৰৰ আশংকা কমায়ঃ কেন্সাৰৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমায় আখ্‌ৰোটে৷ ইয়াত থকা ওমেগা-৩ ফেটি এচিড, পলিফেনলছ আৰু ইউৰ’লিথিন নামৰ উপাদানসমূহ এণ্টি কেন্সাৰ বৈশিষ্ট্য সমৃদ্ধ৷ সেয়ে কলন কেন্সাৰ, ব্ৰেষ্ট কেন্সাৰ আৰু প্ৰষ্টেট কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ পৰা আঁতৰত থকাত সহায় কৰে আখ্‌ৰোটে৷

[৪] হাড় শক্তিশালী কৰেঃ হাড় দুৰ্বল হ’লে সতৰ্ক হোৱা উচিত৷ কিয়নো হাড়ৰ দুৰ্বলতাৰ পৰা অন্যান্য শাৰীৰিক সমস্যাৰ সৃষ্টি হয়৷ হাড় ভালে ৰাখিবলৈ দৈনিক আখ্‌ৰোট খাব পাৰে৷ আখ্‌ৰোটত থকা আলফা-লিনোলেনিক নামৰ এচিড বিধে হাড় সুস্থ ৰখাত সহায় কৰে৷

[৫] গৰ্ভৱতীৰ বাবে উপকাৰীঃ গৰ্ভৱতী মহিলাৰ বাবে দৈনিক আখ্‌ৰোট খোৱাটো উপকাৰী৷ আখ্‌ৰোটত থকা ভিটামিন-বি কমপ্লেক্স যেনে– ফলিট, ৰাইব’ফ্লাবিন আৰু থিয়ামিন নামৰ উপাদানসমূহে মাতৃৰ স্বাস্থ্য ভালে ৰাখে৷ তদুপৰি আখ্‌ৰোটত থকা ফলিক এচিড গৰ্ভৱতী আৰু গৰ্ভস্থ সন্তানটিৰ বাবে উপকাৰী৷

[৬] ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়ঃ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী নহ’লে যিকোনো ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াটো কঠিন হৈ পৰে৷ আখ্‌ৰোটে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে ইমিউন ছিষ্টেম ভালে ৰাখে৷ আখ্‌ৰোটত থকা ভিটামিন আৰু খনিজ পদাৰ্থসমূহে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷

[৭] টোপনি ভাল কৰেঃ অনিদ্ৰাৰ সমস্যা থাকিলে আখ্‌ৰোট খোৱা কৰক৷ আখ্‌ৰোটত থকা মেলাটনিন নামৰ উপাদানে টোপনি অহাত সহায় কৰে৷

You May Also Like

More From Author