6 কোটি 34 লাখ টকাৰ জব্দকৃত ড্ৰাগছ দাহন…

1 min read

আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস। ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে বঢ়মপুৰৰ ৰঙাজান খেলপথাৰত নগাঁও জিলাৰ জব্দকৃত ড্ৰাগছ দাহন তথা বিনষ্টকৰণ কাৰ্যসূচী হাতত লয় নগাঁও জিলা প্ৰশাসনৰ লগতে নগাঁও আৰক্ষীয়ে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বশৰ্মাই এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ২০২১ বৰ্ষত এই খেল পথাৰ খনতে প্ৰায় ডেৰ লাখ কোটি টকাৰ নিচাযুক্ত দ্ৰব্যৰ দাহন কাৰ্য্যসূচীত অংশগ্ৰহন কৰিছিল। ইয়াৰ পাছতেই আজি দীৰ্ঘদিন ধৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ থানা সমূহে অভিযান চলাই উদ্ধাৰ কৰা নিচাযুক্ত সামগ্ৰীসমূহ একগোট কৰি আজি নগাঁও জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ লোকৰ উপস্থিতিত দাহন কৰে ড্ৰাগছ সমূহ। দাহন কৰা নিচাযুক্ত দ্ৰব্য সমূহৰ পৰিমাণ

Heroin=2KG 300GM
Ganja=201KG
Cough Syrup=1165
Tablets=11790Nos

দাহন কৰা ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্য খিনিৰ মূল্য আনুমানিক 6 কোটি 34লাখ ৬৫০ টকা হব।

You May Also Like

More From Author