ভাৰত-ভূটান সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ খালিংদুৱাৰ বনাঞ্চলৰ পৰা খাদ্যৰ তাড়নাত জন-অৰণ্যৰ মাজলৈ নামি অহা এজাক বন্যহস্তীয়ে বিগত বহুদিন ধৰি ভূটিয়াচাং,নোনাইপাৰা, ঔৰংগাজুলিকে ধৰি বহু ঠাইত সন্ত্ৰাহ চলাই আহিছে | নিশা হলেই বন্যহস্তীৰ জাকটোয়ে এফালৰ পৰা মানুহৰ ঘৰ-বাৰী অনিষ্ট কৰাৰ লগতে খেতি-পথাৰ তহিলং কৰে | এইবাৰ ৭-৮ জনীয়া বন্যহস্তীৰ জাক এটাই ভূটিয়াচাং ডনবস্ক স্কুলত প্ৰৱেশ কৰি এফালৰ পৰা ধ্বংসলীলা চলাই গল | খাদ্যৰ তাড়নাত বন্যহস্তীৰ জাকটোয়ে বিদ্যালয়খনৰ বহুকেইটা কোঠালী ভঙাৰ লগতে ২০ বস্তা চাউল আৰু বিদ্যালয়খনত কৰা খেতিৰ শাক-পাছলি খাই অনিষ্ট কৰি যায় | বন্যহস্তী উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি অসম চৰকাৰ তথা বনবিভাগক বিহিত ব্যৱস্থা লবলৈ অনুৰোধ জনায় ডনবস্ক বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে | লগতে এনেদৰে বন্যহস্তীয়ে উপদ্ৰৱ চলাই থাকিলে ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেনীত পাঠদান কৰাটো বিপদজনক হ’ৱ বুলি অধ্যক্ষ গৰাকীয়ে মন্তব্য আগবঢ়াই |
ভূটিয়াচাং ডনবস্ক স্কুলত বন্যহস্তীৰ উপদ্ৰৱত যথেষ্ট ক্ষতিসাধন
Posted on by GTM Desk
1 min read
You May Also Like
দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত
November 20, 2024
মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!
November 16, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024
More From Author
National Press Day Observed in Kamrup
November 17, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024