বৰ্তমান চলি আছে শাওণৰ মাহ। আৰু এই শাওণৰ মাহ দেৱাদিদেৱ মহাদেৱৰ প্ৰিয় মাহ বুলি গণ্য কৰা হয়।( Religious Studies )
এই শাওণ মাহত ভগৱান শিৱৰ পূজা কৰিলে, যিদৰে তেওঁ সহজতে সন্তুস্ত হয়, ঠিক তেনেদৰে মহাদেৱ ৰুষ্টও হব পাৰে।যদিহে তেওঁৰ ইচ্ছা বিৰুদ্ধে কোনো কাম কৰা হয়। শাওণ মাহত মহাদেৱৰ ভক্ত সকলে ব্ৰত উপবাসৰ লগতে, শিৱ মন্দিৰলৈ গৈ শিৱ লিংগত পূজা কৰে, পুণ্য লাভৰ বাবে। আৰু তেওঁৰ উদ্দ্যেশে ধূপ, প্ৰদীপ, গাখীৰ আদি, নিবেদন কৰা হয়। কিন্তু যদিহে শাওণ মাহত কৰা হয়, এই কামটি, তেন্তে আপোনাৰ পৰিয়াললৈ নামি আহিব পাৰে অনিষ্ট বা ডাঙৰ কোনো বিপদ।আৰু সেই বিপদৰ কোনো অন্তও নাথাকিব।
আৰু শাওণ মাহত নকৰিব লগীয়া সেই কামটো হল, সৰ্প নিধন কাৰ্য্য। মহাদেৱৰ ডিঙিত এডাল, সৰ্পই সৰ্বদা যিদৰে শুভা পাই, ঠিক সেইদৰে সৰ্পই শিৱ লিংগত চায়া দান কৰে। এই শাওণ মাহত সৰ্পবোৰে নিজৰ গাঁতৰ পৰা ওলাই আহি তেওঁলোকৰ অধিপতি মহাদেৱক দৰ্শন কৰে। মহাদেৱক দৰ্শন কৰাৰ পাছত, ভুল বা অজানিতে গৈ কাৰোবাৰ ঘৰ বাৰীত সোমাই। আৰু মানুহে দংশনৰ ভয়ত সেই সৰ্পক কোনো অস্ত্ৰৰে আদিৰে আঘাত কৰে আৰু তেনে স্থলত বহু সৰ্পই মৃত্যুক সাৱটি লয়। ( Religious Studies )
আৰু সেই সৰ্প হয়, নাগ ৰাজ বা সৰ্প ৰাজ্যৰ পৰিয়াল। গতিকে তেওঁলোকে নিজৰ পৰিয়ালৰ মৃত্যুক মানি লব নোৱাৰে। আৰু প্ৰতিশোধ হিচাপে তেওঁলোকে অভিশাপ দিয়ে। আৰু এই অভিশাপৰ দ্বাৰা, ঠিক এনেধৰণৰ বহু ক্ষতি হব পাৰে। তাৰে ভিতৰত
১/কোনো পৰিয়ালৰ শুভ কাৰ্য্য বছৰ বছৰ ধৰি, সফল নোহোৱাৰ পথত থাকিব পাৰে।
২/পৰিয়ালৰ সদস্য জনে, লৰা বা ছোৱালীৰ বিবাহ নোহোৱা পথত থাকিব পাৰে আৰু হলেও তেওঁলোক কোনো সমস্যাত ভোগি থাকিব হব লগাত পৰে।
৩/কোনো সদস্যৰ, দুৰ্ঘটনা, আদি ঘটিব পাৰে।
৪) পৰিয়ালৰ কোনো সদস্যৰ সকলো সময়তে, ৰোগ আদি দেখা দিব পাৰে।
সেয়ে শাওণ মাহত সৰ্পক নিধন কৰা উচিত নহয়। আৰু ভুলবশতঃ যদি কৰা হয়, তেন্তে মহাদেৱৰ ওচৰত পূজা দিয়া অত্যন্ত মংগল।।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।