শাওণ মাহৰ অমাৱশ্যাত এই সমূহ কৰাটো অশুভ

1 min read

প্ৰত্যেকটো অমাৱশ্যাৰে অধিক মহত্ব আছে। এই দিনত প্ৰৱিত্ৰ নদীত স্নান আৰু দান কৰাটো অধিক পূণ্য হিচাপে মনা হয়।

সেয়ে, এই অমাৱশ্যাত এনে কিছু কাম আছে, যাক কৰাটো অমংগল মনা হয়। এই শাওণ মাহৰ অমাৱশ্যাত এই সমূহ কামৰপৰা বিৰত থকা উচিত।

 

১) যদি আপুনি পুৱা দেৰিলৈকে শুৱা অভ্যাস আছে, তেন্তে অমাৱশ্যাৰ দিনা সোনকালে উঠিবলৈ চেষ্টা কৰিব। কাৰণ এই অমাৱশ্যাৰ সময়ত দেৰিলৈকে শুৱাটো অমংগল মনা হয়। এই দিনত সোনকালে শুই উঠি সূর্য্য দেৱক উদ্দেশ্য কৰি জল নিবেদন কৰা উচিত। ইয়াৰদ্বাৰা ঘৰখনৰ দুখ দূৰ হয়।

২/এই অমাৱশ্যাত যিহেতু চন্দ্রৰ দৰ্শন নহয়। গতিকে এই অমাৱশ্যাৰে সময়ত নিগেটিভ শক্তি সমূহ অধিক সক্ৰিয় হৈ উঠে, গতিকে এই অমাৱশ্যাত কোনো নিৰ্জন ঠাই বা শ্মশান আদি ঠাইলৈ যোৱাটো একেবাৰে উচিত নহয়।

৩/এই অমাৱশ্যাৰ দিনত কোনো বিবাদত যুক্ত নহব। এই অমাৱশ্যাৰ দিনত হাই কাজিয়া কৰিলে পূৰ্বপুৰুষৰ আৰ্শীবাদৰ পৰা বঞ্চিত হব পাৰে। গতিকে এই অমাৱশ্যাৰ দিনত হুলস্থুল পৰিৱেশৰ সৃষ্টি নকৰিব। ( Religious Studies )

৪/অমাৱশ্যাৰ দিনত আমিষ আহাৰ গ্ৰহণ কৰা উচিত নহয়। এই দিনত নিৰামিষ ভোজন কৰাটো অত্যন্ত মংগল।

৫/গৰ্ভৱতী মহিলাই এই অমাৱশ্যাত ঘৰৰ পৰা বাহিৰ হব নালাগে। যদি বাহিৰলৈ যাবলৈ বিশেষ জৰুৰী হয়, তেতিয়া লগত এখিলা তুলসী পাত লৈ বাহিৰলৈ ওলাব লাগে। কিন্তু অমাৱশ্যাৰ দিনত কেতিয়াও তুলসী পাত নিচিঙিব। অমাৱশ্যাৰ আগদিনাই তুলসী পাত চিঙি ৰাখিব লাগে। যদি তুলসী তলত তুলসী পাত পৰি থাকে, তেন্তে সেই তুলসী পাত লব পাৰে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author