নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দলটো।
এছ আই টিৰ যথোপযুক্ত তদন্তৰ জৰিয়তে ধনটি হীৰাৰ পৰিয়ালৰ সন্দেহ দূৰ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। উল্লেখ্য যে, ১৬ জুলাই দেওবাৰে নিশা খাটোৱালৰ বৰভেটিত সংঘটিত পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল ধনটি হীৰাৰ। তেওঁ এটা ব্যক্তিগত চেটেলাইট নিউজ চেনেলৰ চামগুৰিস্থিত ফটো সাংবাদিক আছিল।
ধনটি হীৰাৰ পৰিয়ালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত একাংশই ধনটিক প্ৰহাৰ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। প্ৰয়াত ধনটি হীৰাৰ চামগুৰিৰ খাটোৱালতস্থিত বাসগৃহত বুধবাৰে বিয়লি উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে আৰক্ষী অধীক্ষক নৱনীত মহন্তই।
ইয়াৰ পিচতে অধীক্ষকগৰাকীয়ে ধনটি হীৰাৰ বাসগৃহৰ পৰা ওলাইয়েই পোনে পোনে বৰভেটিস্থিত ঘটনাস্থলী পৰ্যবেক্ষণ কৰে।
ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে এছ আই টি গঠন নগাঁও জিলা আৰক্ষী অধীক্ষকৰ
![](https://guwahatitimes.com/wp-content/uploads/2023/07/361880873_656822833147165_186776051176500918_n.jpg)