জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ

1 min read

আক্ৰমণত আহত হয় দুজনকৈ লোক। মঙলবাৰে সন্ধিয়া জম্মু-কাশ্মীৰৰ অনন্তনাগ চহৰত সংঘটিত হয় এই ঘটনা। অঞ্চলটোত সন্ত্ৰাসবাদীৰ গুলীচালনাৰ ঘটনা সংঘটিত কৰাত আতংকৰ সৃষ্টি হয় অঞ্চলবাসীৰ মাজত।
এই ঘটনাত আহত লোকদুজন শ্ৰমিক বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আঘাতপ্ৰাপ্ত লোক দুজনক সংকটজনক অৱস্থাত এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পিছে গুৰুতৰ কথাটো হ’ল যে দুয়োজন শ্ৰমিকেই স্থানীয়লোক নহয়। অভিযোগ অনুসৰি দুয়োজনেই প্ৰব্ৰজনকাৰী।
এই ঘটনাৰ পাছতেই আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখাৰ সমান্তৰালভাবে আক্ৰমণকাৰীসকলক বিচাৰি অনুসন্ধান অভিযান আৰম্ভ কৰিছে। সন্ত্ৰাসবাদীয়ে দুজন বাহিৰৰ শ্ৰমিকৰ ওপৰত গুলী চালনা কৰিছিল। উল্লেখ্য যে, যোৱা পাঁচ দিনত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ ওপৰত কৰা এয়া দ্বিতীয়টো আক্ৰমণ। ইয়াৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত চলিত মাহৰ ১৩ তাৰিখে ৩জন শ্ৰমিকক গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে।

You May Also Like

More From Author