ম্যানমাৰত সেনা আৰু অসামৰিক বাহিনীৰ মাজত চলি থকা সংঘৰ্ষৰ বাবে মণিপুৰত প্ৰৱেশ ৭০০ৰো অধিক ম্যানমাৰ নাগৰিকৰ

1 min read

মণিপুৰৰ চান্দেল জিলাত ৩০১টা শিশু আৰু ২০৮গৰাকী মহিলাকে ধৰি ৭১৮গৰাকী ম্যানমাৰ নাগৰিকে প্ৰৱেশ কৰিছে বুলি সোমবাৰে এগৰাকী বিষয়াই প্ৰকাশ কৰে। ইপিনে, মণিপুৰত গোষ্ঠী সংঘাত এতিয়াও চলি আছে।
মণিপুৰৰ মুখ্য সচিব বিনীত যোশীয়ে এক বিবৃতিত কয় যে ৰাজ্য চৰকাৰে ম্যানমাৰৰ নাগৰিকসকলক ঘূৰাই পঠিয়াবলৈ আছাম ৰাইফলছক নিৰ্দেশ দিছে।
যোশীয়ে কয় যে চৰকাৰে এই ৭১৮ জন ম্যানমাৰ নাগৰিকক চান্দেল জিলাত কিয় আৰু কেনেকৈ উপযুক্ত ভ্ৰমণ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া হ’ল সেই সন্দৰ্ভত তথ্য আৰু কাৰণসমূহ স্পষ্ট কৰি অসম ৰাইফলছৰ পৰা বিশদ প্ৰতিবেদন বিচাৰিছে।
তেওঁ কয় যে ম্যানমাৰৰ সেই ৭১৮ জন অবৈধ নাগৰিকক শীঘ্ৰে বিতাড়িত কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰ নিৰ্দেশ দিছে আছাম ৰাইফলছক। ম্যানমাৰৰ এই নাগৰিকসকলে শনিবাৰ আৰু দেওবাৰে মণিপুৰত প্ৰৱেশ কৰি এতিয়া জিলাখনৰ সাতটা স্থান – লাজাং, বনছে, নিউ সামতাল, নিউ লাজাং, ইয়াংনমফাই, ইয়াংনমফাই ছ’ মিল আৰু এৱমজাঙত বসবাস কৰি আছে বুলিও তেওঁ কয়। এই আটাইকেইখন গাঁও ম্যানমাৰ সীমান্তৰ লগত সংলগ্ন।
যোশীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে সীমান্তৰক্ষী বাহিনী হোৱাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে বৈধ ভিছা আৰু ভ্ৰমণ নথি-পত্ৰ অবিহনে ম্যানমাৰৰ নাগৰিকৰ মণিপুৰত প্ৰৱেশ বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা ল’বলৈ অসম ৰাইফলছক অনুৰোধ জনাইছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে ৭১৮ জন শৰণাৰ্থীৰ নতুন অবৈধ প্ৰৱেশক অতি সংবেদনশীলতাৰে তথা গুৰুত্বসহকাৰে লৈছে কিয়নো বিশেষকৈ ৰাজ্যখনত চলি থকা আইন-শৃংখলাৰ বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱো থাকিব পাৰে।
মুখ্য সচিবগৰাকীয়ে চান্দেল জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক পৰিস্থিতিৰ সৈতে উপযুক্তভাৱে মোকাবিলা কৰিবলৈ আৰু লগতে এনে সকলো ব্যক্তিৰ বায়’মেট্ৰিক আৰু ফটো ৰাখিবলৈ কৈছে।

You May Also Like

More From Author