প্ৰথমত দলবদ্ধ ধৰ্ষণ কৰি হত্যা, পিছত মৃতদেহ পেলাই দিলে কুঁৱাত

1 min read

বিগত কেইবাদিন ধৰি দেশত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড। আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি দেশত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে। এনেবোৰ ঘটনাৰ মাজতে ৰাজস্থানৰ কৰৌল জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনাৰ ।

ৰাজস্থানৰ কৰৌলত পোহৰলৈ আহিছে আহিছে এক ধৰ্ষণ আৰু হত্য়াৰ ঘটনা ৷ এগৰাকী ১৯ বছৰীয়া যুৱতীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে হত্যাৰো অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱাৰ পৰা সন্ধানহীন হৈ আছিল যুৱতীগৰাকী।তাৰ পিছত সন্ধিয়া এটা কুঁৱাৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ। তাৰ পিছতে পৰিলোকে অভিযোগ কৰে এই ভয়ংকৰ ঘটনাৰ ।ঘটনাৰ পিছতে আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰোত্তত পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে ।

জানিব পৰা মতে, তিনি-চাৰিজনীয়া এটা নৰপিশাচে এগৰাকী ১৯ বছৰীয়া যুৱতীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।এই নাৰকীয় ঘটনাটো পিছতে তিনি-চাৰিজনীয়া নৰপিশাচে অপহৰণ কৰে লগতে দলবদ্ধ ধৰ্ষণ কৰি হত্যাৰ কৰে আৰু তাৰ পাছত মৃতদেহটোৰ গাত এচিড ঢালি কুঁৱাত পেলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । বৃহস্পতিবাৰে পোহৰলৈ আহে এই ভয়ংকৰ দলৱদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ কথা । নদৌটি থানাৰ সীমাৰ অন্তৰ্গত এটা কুঁৱাৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহটো ।

প্ৰাপ্ত তথ্য অনুসৰি, এই ভয়ংকৰ ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । জানিব পৰা মতে, যুৱতীগৰাকী বালঘাট আৰক্ষী থানাৰ অন্তৰ্গত মোহনপুৰা গাঁৱৰ আৰতি বৈৰৱা । ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে আৰু তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে ।

উল্লেখ্য যে, এই ভয়ংকৰ ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে সাংসদ কিৰোডী লাল মীনাই উক্ত স্থানত উপস্থিত হয় ।আৰু পৰিয়ালৰ লোকৰ সৈতে ধৰ্ণাত বহে ।

ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে সাংসদগৰাকীয়ে দোষীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ লগতে ভুক্তভোগী পৰিয়ালৰ লোকক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনায় সাংসদগৰাকীয়ে । লগতে সাংসদগৰাকীয়ে ভুক্তভোগীৰ পৰিয়ালৰ লোকক ঠিকাভিত্তিক চাকৰিত নিযুক্তি প্ৰদানৰ পিচতহে যুৱতীগৰাকীৰ মৃতদেহটো দাহ কৰা হ’ব বুলি দাবী উত্থাপন কৰে ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰৰ পুৱতি নিশা ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল যুৱতীগৰাকী । স্থানীয় লোকে কুঁৱাটোত পানী তুলিবলৈ যাওঁতে মৃতদেহটো প্ৰত্যক্ষ কৰে ।

ভুক্তভোগী ছোৱালীজনীৰ মাতৃয়ে জনোৱা মতে, বৃহস্পতিবাৰে মাজনিশা প্ৰস্বাৱগাৰলৈ যাবলৈ ওলাওঁতেই ছোৱালীজনী দেখিবলৈ পোৱা নাছিল । তিনি-চাৰিজন মুখা পিন্ধা দুষ্কৃতিকাৰীয়ে তেওঁৰ ছোৱালীজনীক গাড়ীত জোৰকৈ লৈ গৈছিল । নিজ কন্যাৰ মৃত্যুৰ তথ্য পুৱা ছ’চিয়েল মিডিয়াৰ জৰিয়তেহে অৱগত কৰে মাতৃগৰাকীয়ে ।

You May Also Like

More From Author