সমষ্টিৰ সীমা পুনৰ্নিদ্ধাৰণৰ খচৰা সন্দৰ্ভত আছুৰ মৌনতাক লৈ সমালোচনা তৃণমূল কংগ্ৰেছৰ

1 min read

সমষ্টিৰ সীমা পুনৰ্নিদ্ধাৰণৰ খচৰা সন্দৰ্ভত আছুৰ মৌনতাক লৈ সমালোচনা তৃণমূল কংগ্ৰেছৰ

সমুজ্জল ভট্টাচাৰ্যই বিজেপি-আৰ এছ এছৰ সৈতে গোপন বুজাবুজি কৰি মৌন হৈ আছে: দিলীপ কুমাৰ শৰ্মা

বিজেপি-আৰ এছ এছৰ পৰা আছুক মুক্ত কৰিবলৈ সমুজ্জল ভট্টাচাৰ্যই সংগঠনটোৰ পৰা অব্যাহতি লওক: দিলীপ কুমাৰ শৰ্মা

‘খিলঞ্জীয়াৰ প্ৰতিবাদ যদি দেখা নাই, মুখ্যমন্ত্ৰীৰ মতে কি এআই ইউডিএফ খিলঞ্জীয়া?

গুৱাহাটী, ৩ জুলাই: শেহতীয়াকৈ প্ৰকাশ হোৱা অসমৰ সমষ্টিৰ সীমা পুনৰ্নিদ্ধাৰণ খচৰাত খিলঞ্জীয়া বঞ্চিত হোৱাৰ পাছতো এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই (আছু) মৌনতা অৱলম্বন কৰা সন্দৰ্ভত সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ।

দলৰ মুখ্য কাৰ্যালয়ত মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই বিজেপি-আৰ এছ এছৰ সৈতে সুৰ মিলোৱা বুলি অভিযোগ কৰি অসমৰ স্বাৰ্থত তেওঁক সংগঠনটোৰ পৰা অব্যাহতি ল’বলৈ আহ্বান জনায়।

শেহতীয়া সমষ্টিৰ সীমা পুনৰ্নিৰ্ধাৰণ খচৰাত বহুকেইটা সমষ্টিত খিলঞ্জীয়া জয়ী হ’ব নোৱাৰাৰ ব্যৱস্থা কৰা বুলি অসমৰ চৌদিশত ভিন্ন জাতি-জনগোষ্ঠীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰসংগ উত্থাপন কৰি এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ মৌনতা অৱলম্বনৰ সন্দৰ্ভত শৰ্মাই কয়,’আছুক আমি খিলঞ্জীয়াৰ বিভিন্ন বিষয়ত মাত মতা দেখি আহিছো। গুৰুত্বপূৰ্ণ জাতীয় সংগঠন হিচাপে জাতিৰ প্ৰশ্নত আছুৰ স্হিতি সকলোৱে জানিব বিচাৰে। আনহাতে ২০০৭ চনত কংগ্ৰেছ আমোলত সমষ্টিৰ সীমা পুনৰ্নিৰ্ধাৰণৰ প্ৰসংগ উত্থাপন হওতে এন আৰ চি সম্পূৰ্ণ হোৱা নাই বুলি উক্ত প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে দাবী জনোৱাসকলৰ ভিতৰত অন্যতম আছিল সদৌ অসম ছাত্ৰ সন্থা। এন আৰ চি আজিলৈ সম্পূৰ্ণ হোৱা নাই। তেন্তে আজি কিয় নিমাত আছুৰ সৰ্বেসৰ্বা বুলি পৰিচিত ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য? বিজেপি-আৰ এছ এছৰ সৈতে গোপন বুজাবুজিৰ পৰিণতিয়েই যে এই মৌনতা, তাক এতিয়া সকলোৱে বুজি পাইছে। এনে পৰিপ্ৰেক্ষিতত আছুত ভট্টাচাৰ্য ডাঙৰীয়া থকাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। কিন্তু অসমৰ জাতীয় জীৱনৰ অতন্দ্ৰ প্ৰহৰীৰ ৰূপত আছুক আমি সদায়ে বিচাৰো। সেয়ে আছুক বিজেপি-আৰ এছ এছৰ ৰক্ষণাবেক্ষণৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত আমি অসম তৃণমূল কংগ্ৰেছে আছুৰ পৰা নিজকে আঁতৰাবলৈ সমুজ্জল কুমাৰ ভট্টাচাৰ্যক আহ্বান জনাইছো।’

সংবাদমেলত শৰ্মাই বিভিন্ন সমষ্টিত খিলঞ্জীয়াক সংখ্যালঘু কৰি পেলোৱাৰ বিষয়ে উদাহৰণসহ দাঙি ধৰে। খিলঞ্জীয়া জয়ী হোৱা বিলাসীপাৰা, হাজো আৰু ছিপাঝাৰক দুৰ্বল কৰা বুলি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ক্ষোভ প্ৰকাশ কৰাৰ প্ৰসংগ শৰ্মাই সংবাদমেলত উল্লেখ কৰে। প্ৰসংগক্ৰমে সমষ্টিৰ সীমা পুনৰ্নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত মটক যুৱ ছাত্ৰ সন্মিলনৰ অসন্তুষ্টিৰ কথাও তেওঁ লগতে উল্লেখ কৰে।

মিছিং জনগোষ্ঠীক বঞ্চিত কৰাৰ সন্দৰ্ভত শৰ্মাৰ মন্তব্য:’মিছিং জ্যেষ্ঠ নাগৰিক সন্হাই মিছিং জনগোষ্ঠীক ৰাজনৈতিকভাৱে হত্যা কৰা বুলি ক্ষোভ উজাৰিছে। বিশেষকৈ মাজুলীক লখিমপুৰৰ আনি যোৰহাট সংসদীয় সমষ্টিত অন্তৰ্ভুক্ত কৰি মিছিং জনগোষ্ঠীক বঞ্চিত কৰাৰ বাট মুকলি কৰিছে। ২০ খন নতুন গাঁও মিছিং গাঁও ঢকুৱাখানাত অন্তৰ্ভুক্ত কৰি কি বুজাইছে সকলোৱে বুজি পাইছে।’

আনহাতে সমষ্টিৰ সীমা পুনৰ্নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত খিলঞ্জীয়াই প্ৰতিবাদ কৰা নাই বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম তৃণমূলৰ নেতাগৰাকীয়ে কয়,’যদি ইমান প্ৰতিবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চকুত পৰা নাই তেন্তে তেওঁৰ মতে তেনেহ’লে এআই ইউ ডি এফহে খিলঞ্জীয়া নেকি? অশোক সিংঘালকে ধৰি তেওঁৰ দুই তিনিজন সাংগোপাংগোক বিজয়ী কৰোৱাৰ অংক কৰাটোৱেই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা নেকি?’

প্ৰেছ বিবৃতি

You May Also Like

More From Author