দ্ৰুতগতিত বিয়পিছে কনজাংটিভাইটিছ! কি কৰিব, জানি লওক বিশেষজ্ঞৰ পৰা

0 min read

বৰ্ষাৰ লগে লগে আৰম্ভ হৈছে নানা ধৰণৰ ৰোগৰ প্ৰকোপ। বিগত এক মাহত ক্ৰমাৎ বাঢ়িছে কনজাংটিভাইটিছ। পশ্চিম বংগৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যত বিয়পিছে এই চকুৰ সংক্ৰমণ।

দ্ৰুতগতিত বিয়পি পৰা এই ৰোগে উদ্বেগ বৃদ্ধি কৰিছে মধ্য প্ৰদেশৰ সাগৰ জিলাতো। প্ৰায় প্ৰতি বছৰে এই ৰোগে বাহ বান্ধে বৰ্ষাকালত। কিন্তু এই বছৰ এয়া দ্ৰুতগতিত বিয়পিছে বুলি জনা গৈছে। আনকি বহু ৰোগীক হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছে।

হঠাৎ চকু ৰঙা হৈ পৰা এই ৰোগৰ প্ৰধান উপসৰ্গ। ইয়াৰ উপৰি, চকুৰ যন্ত্ৰণাও বাঢ়ে। এই ৰোগৰ পৰা দূৰত থাকিবলৈ কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি জনাইছে চিকিৎসকে।

সাধাৰণতে এই ধৰণৰ ৰোগে প্ৰথমে শিশুক সংক্ৰমিত কৰে। তাৰ পিছত সেয়া বিয়পি পৰে প্ৰাপ্তবয়স্কৰ মাজলৈ। বুন্দেলখণ্ড মেডিকেল কলেজৰ চকুৰোগ বিশেষজ্ঞ আৰু শল্য চিকিৎসক ডাঃ অঞ্জলি বিৰানিয়ে কয়, বেক্টেৰিয়েল কনজাংটিভাইটিছৰ ঘটনা হঠাৎ বৃদ্ধি পাইছে। বহু ৰোগীৰ অৱস্থা আশংকাজনক। কিন্তু ১৪ দিনৰ ভিতৰত এই ৰোগৰ পৰা সুস্থ হৈ উঠা সম্ভৱ। তেওঁ কয়, বহুক্ষেত্ৰতে দেখা গৈছে এডিনোভাইৰাছৰ পৰা বিয়পিছে এই ৰোগ।

লক্ষণ : চকু ৰঙা বা গুলপীয়া হৈ যোৱা, জ্বলন, চকুৰ পৰা পানী ওলোৱা, চকুৰ ভিতৰত খজুৱতি, চকু ফুলি যোৱা এই ৰোগৰ লক্ষণ।

সতৰ্কতা : এই ৰোগ খুবেই সংক্ৰামক। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’লে সংক্ৰমণৰ শংকা বেছি থাকে। ফলত এই ৰোগৰ পৰা বাচিবলৈ পুষ্টিকৰ খাদ্য গ্ৰহণ, পৰিষ্কাৰ–পৰিচ্ছন্নতাৰ প্ৰয়োজন। লেতেৰা হাতেৰে চকু ঘঁহা, আনৰ টাৱেল বা ৰুমাল ব্যৱহাৰ কৰিলে সংক্ৰমণৰ আশংকা থাকে। এই অৱস্থাত পৰিয়ালৰ নিৰাপত্তাৰ বাবে সতৰ্ক থাকিব লাগিব।

ঘৰত কাৰো সংক্ৰমণ হ’লে তাৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰাখিব লাগিব। হা নোধোৱাকৈ চকু স্পৰ্ষ নকৰিব। খুব ভিৰৰ মাজত যোৱাৰ প্ৰয়োজন নাই। এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ফল আৰু পাচলি খাব লাগিব। লগতে ৰাখিব লাগিব ভিটামিন বি–২ আৰু ভিটামিন চি সমৃদ্ধ খাদ্য, দুগ্ধজাতীয় খাদ্য, বিলাহী, সেউজীয়া শাক–পাচলি আৰু অমিতা, বাদাম আৰু কল। ভিটামিন চিৰ বাবে চাইট্ৰাছ জাতীয় ফল যেনে আমলখি খোৱা উপকাৰী। বিটা কেৰাটিনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। তাৰ বাবে কোমোৰা, গাজৰ, অমিতা আৰু আম খোৱা প্ৰয়োজন।

You May Also Like

More From Author