কাজিৰঙা-যোৰহাট-দুলীয়াজানৰ মাজত নতুন দিগন্তৰ সূচনা কৰি চলিল দেশৰ প্ৰথমখন ‘পানীৰে চলা বাছ

1 min read
দেশৰ প্ৰথমখন ‘গ্ৰীণ হাইড্ৰজেন’ চালিত যাত্ৰীবাহী বাছৰ ‘টেষ্ট ড্ৰাইভ’ আৰম্ভ হ’ল যোৰহাটত।
দেশৰ প্ৰথমখন ‘গ্ৰীণ হাইড্ৰজেন’ চালিত যাত্ৰীবাহী বাছৰ ‘টেষ্ট ড্ৰাইভ’ বৃহস্পতিবাৰে আৰম্ভ হয় যোৰহাটত । অইল ইণ্ডিয়া লিমিটেডৰ গৱেষণাৰ অন্তত সাজু হৈ উঠিছে প্ৰদূষণ মুক্ত এই হাইড্ৰজেন চালিত বাছখন । যান-বাহনৰ ক্ষেত্ৰত ভৱিষ্যতৰ পৃথিৱীত এখোজ হাইড্ৰজেন চালিত এই যাত্ৰীবাহী বাছ দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত সাজু কৰিলে অইল ইণ্ডিয়াই ৷যোৰহাটৰ কেন্দুগুৰিৰ অইল পাম্পিং ষ্টেচনত যাত্ৰাৰ বাবে সাজু হৈ উঠিছে এই অত্যাধুনিক যাত্ৰীবাহী বাছখন।
পেট্ৰ’ল, ডিজেল বা চি এন জি দ্বাৰা নহয়, এই বাছখনৰ ইন্ধন হ’ব হাইড্ৰজেন । যি সম্পূৰ্ণ প্ৰদূষণ মুক্ত । ভৱিষ্যতে অনৱীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা তথা প্ৰদূষণ মুক্ত বিশ্বৰ কথা চিন্তা কৰি গৱেষণাৰ অন্তত যোৰহাট অইল ইণ্ডিয়াই আজিৰ পৰা টেষ্ট ড্ৰাইভ আৰম্ভ কৰিছে এই বাছখনৰ।
মহাৰাষ্ট্ৰৰ পুণেত নিৰ্মাণ কৰা এই বাছখন বেংগালুৰুত প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰাৰ পাচতে লৈ অহা হৈছিল যোৰহাটলৈ ৷ যোৰহাট কেন্দুগুৰিত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত থকা একমাত্ৰ ‘গ্ৰীণ হাইড্ৰজেন প্লেণ্ট’ত গৱেষণাৰ অন্তত বাছখনৰ টেষ্ট ড্ৰাইভ কৰা হয়।
পৰৱৰ্তী সময়ত যোৰহাটৰ পৰা কাজিৰঙা আৰু যোৰহাটৰ পৰা দুলিয়াজানলৈ ৰাজপথত চলাই কৰা হ’ব পৰীক্ষা । পৰীক্ষামূলকভাৱে প্ৰথম খোজত সফল হোৱা এই বতৰাই ‘গ্ৰীণ হাইড্ৰজেনক’ লৈ ভৱিষ্যতৰ পৃথিৱীত যান-বাহন সেৱা আৰম্ভ কৰাৰ বিশেষ চিন্তা-চৰ্চা কৰা হৈছে৷
গ্ৰীণ হাইড্ৰজেন হৈছে এক প্ৰকাৰৰ হাইড্ৰজেন গেছ যাক শক্তিৰ নৱীকৰণযোগ্য উৎস যেনে বায়ু, সৌৰ বা জলবিদ্যুৎ শক্তি ব্যৱহাৰ কৰি উৎপাদন কৰা হয় বৈদ্যুতিক বিশ্লেষণ নামৰ এক প্ৰক্ৰিয়াৰ জৰিয়তে। যেতিয়া এই প্ৰক্ৰিয়াটো নৱীকৰণযোগ্য শক্তিৰ উৎসৰ দ্বাৰা চালিত হয়, উৎপাদিত হাইড্ৰজেনক “গ্ৰীণ” বুলি গণ্য কৰা হয় ৷

You May Also Like

More From Author