অসম চৰকাৰৰ উচ্চ শিক্ষাবিভাগে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ পোছাকক লৈ জাৰি কৰিছে এই নিৰ্দেশনা

1 min read

নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা অধ্যাপিকাই চুৰিদাৰ পিন্ধিব পাৰিব। অধ্যাপিকাসকলে চেলৱাৰ, শাৰী, মেখেলা-চাদৰৰ লগতে জাতীয় সাজ-পোছাক পিন্ধাত বাধা নাথাকিব। পিছে পোছাক পৰিধান কৰাৰ ক্ষেত্ৰত অধ্যাপিকাসকলে টি-চাৰ্ট, জিনছ, লেগিংছ আদি পিন্ধিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ আছে।

আনহাতে এই ক্ষেত্ৰত অধ্যাপকে ফৰমেল চাৰ্ট-পেণ্টৰ লগতে ধুতি-পাঞ্জাবী পিন্ধিব পাৰিব। ইয়াৰ বিপৰীতে অধ্যাপকসকলে টি-চাৰ্ট, জিনছ পিন্ধিব নোৱাৰিব। এই ক্ষেত্ৰত নিৰ্দেশনা মৰ্মে অধ্যাপক-অধ্যাপিকাই মাৰ্জিত পোছাক পৰিধান কৰাৰ সমান্তৰালভাবে চাফ-চিকুনতাও বজাই ৰাখিব লাগিব।

You May Also Like

More From Author