গহপুৰৰ চাৰেঙীয়াৰ বোৱাৰী নিৰুদ্দেশ ঘটনাৰ নাটকীয় মূৰ…

1 min read

গহপুৰ মহকুমাৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বৰঙাবাৰী চাৰেঙীয়াৰ ৰশ্মিতা ছেত্ৰী ভূঞা(৩১) নামৰ বোৱাৰী গৰাকীৰ নিৰুদিষ্ট হোৱা ঘটনাটোৱে এতিয়া লৈছে এক নাটকীয় মোৰ। উল্লেখযোগ্য যে, বৰঙাবাৰীৰ চাৰেঙীয়া নিবাসী অভিজিৎ ভূঞা(৩৯) আৰু হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গমিৰিৰ ৰশ্মিতা ছেত্ৰীৰ মাজত থকা প্ৰেমৰ ফলশ্ৰুতিত দুয়ো ২০১৫ চনৰ ২১ চেপ্তম্বৰত গোপনে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত ২০১৫ চনৰ ২২ চেপ্তম্বৰত আইনী বিবাহ সম্পন্ন কৰে।

ৰশ্মিতা ছেত্ৰীৰ পৰিয়ালৰ সন্মতি অবিহনে সম্পন্ন হোৱা উক্ত আইনী বিবাহৰ পিছত দুয়োয়ে আৰম্ভ কৰে সাংসাৰিক জীৱন। সাংসাৰিক জীৱন আৰম্ভ কৰাৰ এবছৰৰ পিছত ৰশ্মিতা ছেত্ৰীয়ে জন্ম দিয়ে এটি কন্যা সন্তান। যিগৰাকী কন্যা সন্তানৰ বৰ্তমান বয়স প্ৰায় ৭ বছৰ। পৰিয়ালৰ সন্মতি অবিহনে অভিজিৎ ভূঞাৰ লগত ৰশ্মিতাই সাংসৰিক বান্ধোনত আবদ্ধ হৈ পৰাত তেওঁৰ পিতৃ গোপীলাল ছেত্ৰীয়ে ২০১৫ চনৰ ২৮ চেপ্তম্বৰত আদালতৰ জৰিয়তে ত্যাজ পুত্ৰী ঘোষণা কৰে ৰশ্মিতাক।

এনেদৰে অভিজিৎ আৰু ৰশ্মিতাৰ সাংসৰিক জীৱন অব্যাহত থকাৰ মাজত চলিত বৰ্ষৰ যোৱা ১৭ জুলাইৰ পুৱা প্ৰায় ৯-৩০ বজাত স্বামীগৃহৰ পৰা নিৰুদ্দেশ হয় ৰশ্মিতা ছেত্ৰী ভূঞা।

ইয়াৰ পিছত স্বামী অভিজিৎ ভূঞাই সেইদিনা সন্ধিয়ালৈ স্থানীয় ঘাঁহিগাঁও আৰক্ষী চকীত পত্নী নিৰুদ্দেশ হোৱা সম্পৰ্কত দাখিল কৰে এখন এজাহাৰ। আৰক্ষী আৰু স্বামীৰ পৰিয়ালে নিৰুদিষ্ট ৰশ্মিতাৰ কোনোধৰণৰ সন্ধান উলিয়াব নোৱাৰাৰ পিছত ৰশ্মিতাক পিতৃ পৰিয়ালে পলুৱাই নিয়াৰ সন্দেহ কৰি যোৱা ৯ আগষ্টত ৰশ্মিতাৰ কাকায়েক অশোক ছেত্ৰী আৰু দুটা ফোন নম্বৰৰ কথা উল্লেখ কৰি ঘাঁহিগাঁও আৰক্ষী চকীত দাখিল কৰে এখন অপহৰণ সংক্ৰান্তীয় এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত সোধাপোছাৰ বাবে আৰক্ষীয়ে কেইবাবাৰো মাতি নিয়ে অশোক ছেত্ৰীক।

আৰক্ষীৰ আগত অশোক ছেত্ৰীয়ে আদালতৰ জৰিয়তে তেওঁৰ পিতৃয়ে ত্যাজ পুত্ৰী কৰা ৰশ্মিতাৰ লগত তেওঁলোকৰ কোনোধৰণৰ সম্পৰ্ক নাই বুলি উল্লেখ কৰাৰ লগতে ৰশ্মিতাৰ নিৰুদ্দেশ হোৱা ঘটনাৰ লগত তেওঁলোক কোনোপধ্যেই জড়িত নহয় বুলি উল্লেখ কৰে। পৰৱৰ্তী সময়ত মঙলবাৰে ৰশ্মিতাৰ ভাতৃ অশোক ছেত্ৰীয়ে তেওঁৰ বিৰুদ্ধে অভিজিৎ ভূঞাই দাখিল কৰা অপহৰণ সংক্ৰান্তীয় এজাহাৰৰ সম্পৰ্কত খৰ্গহস্ত হৈ প্ৰায় ৪১ মিনিটৰ এটা আবেগক ভৰা ফেচবুক লাইভ কৰে। এই ফেচবুক লাইভটোৰ পিছতে ৰশ্মিতাৰ নিৰুদিষ্ট ঘটনাটোৱে লয় নাটকীয় মোৰ।

অশোক ছেত্ৰীয়ে কৰা ফেচবুক লাইভটোৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া চলি থকাৰ মাত্ৰ এটা নিশাৰ পিছতে বুধবাৰে পুৱা প্ৰায় ৫.৩০ বজাত হেলেম আৰক্ষী থানাত অকলে সোঁশৰীৰে আহি সুস্থ অৱস্থাত উপস্থিত হয় যোৱা ১৭ জুলাইত নিৰুদ্দেশ হোৱা ৰশ্মিতা ছেত্ৰী ভূঞা। লগে লগে ৰশ্মিতাৰ উপস্থিতিৰ সম্পৰ্কত হেলেম আৰক্ষীয়ে ভাতৃ অশোক ছেত্ৰীক অৱগত কৰাৰ পিছত অশোক ছেত্ৰী সহ ভগ্নী আৰু পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজ উপস্থিত হয় হেলেম আৰক্ষী থানাত। ইপিনে ৰশ্মিতা হেলেম আৰক্ষী থানাত উপস্থিত হোৱা বুলি খবৰ লাভ কৰাৰ পিছত ৰশ্মিতাৰ স্বামী অভিজিৎ ভূঞাৰ লগতে পৰিয়াল আৰু ওচৰ-চুবুৰীয়াও আহি উপস্থিত হয় হেলেম আৰক্ষী থানাত।

আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত ৰশ্মিতাই স্বামী অভিজিৎ ভূঞাক কথাৰে থকা সৰকা কৰি কয় যে- অভিজিৎ ভূঞাই তেওঁক দীৰ্ঘদিন ধৰি অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্য্যাতন চলাই আহিছে। পেণ্টৰ বেল্ট খুলি, জোতাৰে গছকি শাৰীৰিকভাৱে অত্যাচাৰ কৰি অহাৰ লগতে চৰ, ঘোচা, গোৰ আদিৰে পাশৱিক অত্যাচাৰ চলাই আহিছে ৰশ্মিতাৰ ওপৰত। পিতৃ গৃহৰ পৰা ধন আনিবলৈ বাৰে বাৰে ভাবুকি দি অহাৰ কথাও উল্লেখ কৰে ৰশ্মিতাই।

জাত-পাতত ধৰি গালি পৰাৰ কথাও উল্লেখ কৰি ৰশ্মিতাই কয় যে- স্বামী গৃহত তেওঁ কোনো মতে জীউটো লৈহে জীয়াই আছিল। পদে পদে প্ৰাণৰ মমতাত ভুগি জীয়াই থকাৰ আশা বাদ দিছিল তেওঁ।

স্বামীৰ এনে নিৰ্যাতন সহ্য কৰিব নোৱাৰি তেওঁ পলাই আহিবলৈ বাধ্য হ’ল বুলি উল্লেখ কৰে। স্বামী গৃহলৈ উভতি যাবলৈ কোনো কাৰণতে অনিচ্ছুক ৰশ্মিতাক হেলেম আৰক্ষী থানাৰ পৰা চমজি লৈ পিতৃ গৃহলৈ লৈ যায় ভাতৃ অশোক ছেত্ৰী আৰু দুই ভগ্নীয়ে। ইপিনে তেওঁলোকৰ ৭বছৰীয়া কন্যা গৰাকীক পিতৃ অভিজিৎ ভূঞাই লৈ যায় থানা চৌহদৰ পৰা। সুদীৰ্ঘ ৮বছৰৰ পিছত ৰশ্মিতাৰ সৈতে এগৰাকী ভাতৃ আৰু দুই ভগ্নীৰ মিলন হোৱাৰ পিছত চাৰিওগৰাকী যথেষ্ট আবেগিক হৈ পৰে।

যি কি নহলেও সুদীৰ্ঘ ৮বছৰৰ পিছত এখন সংসাৰৰ মাজত দেখা দিয়া বেমেজালীয়ে উদ্বীগ্ন কৰি তুলিছে সচেতন ৰাইজক। ইপিনে ৰশ্মিতাই উত্থাপন কৰা প্ৰতিটো অভিযোগক অস্বীকাৰ কৰিছে স্বামী অভিজিৎ ভূঞাই। নিজৰ ৭বছৰীয়া জীয়ৰী আৰু স্বামীক এৰি ৰশ্মিতাই নিৰাপদ আশ্ৰয়ৰ সন্ধান বিচাৰি ৮বছৰৰ পিছত পিতৃ গৃহলৈ উভতি অহা এই ঘটনাটো স্বাভাৱিকতেই বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে সকলোৰে মাজত।

You May Also Like

More From Author