সু-খবৰ! এছিয়ান গেমছ ২০২৩ত ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ পদক

0 min read

এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেট দলে অৰ্জন কৰিলে স্বৰ্ণ পদক।

প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত হোৱা ক্ৰিকট প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে শ্ৰীলংকাক ১৯ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে।

হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে এই সফলতা লাভ কৰিছে। উল্লেখ্য যে, প্ৰতিযোগিতাখনত এয়া ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ পদক। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ২০ অভাৰত ১১৬ ৰাণ সংগ্ৰহ কৰে।

দলটোৰ হৈ স্মৃতি মান্ধানাই ৪৬, জেমিমাহ ৰড্ৰিগুইছে ৪২ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে শ্ৰীলংকাৰ হাছিনি মধুশিখাই ২৫ ৰাণ কৰাৰ বাহিৰে আটাই কেইগৰাকী বেটছমেন ব্যৰ্থ হয়।

ভাৰতৰ হৈ তিতাস সাধুৱে সৰ্বাধিক ৩ টা উইকেট লাভ কৰাৰ বিপৰীতে ৰাজেশ্বৰী গাইকোৱাডে ২ টা আৰু দিপ্তী শৰ্মা, পূজা বস্ত্ৰকাৰ আৰু দেৱীকা বৈদ্যই এটাকৈ উইকেট লাভ কৰে।

You May Also Like

More From Author