মহিলাক অনুসৰণ কৰি পাইপ বগাই হোটেলৰ চতুৰ্থ মহলাত প্ৰৱেশ যুৱকৰ, তাৰপিছত কৰিলে এই কাণ্ড

1 min read

গুজৰাটৰ নৰোদাত পোহৰলৈ আহিছে এক আচৰিত ঘটনা। এজন ৩১ বছৰীয়া যুৱকক নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা অনুসৰি, যুৱকজনে নৰোদা অঞ্চলত এগৰাকী মহিলাক দেখি মহিলাগৰাকীৰ পিছে পিছে গৈ হোটেলত প্ৰৱেশ কৰে।

TOIৰ তথ্য অনুসৰি পাইপৰ সহায়ত হোটেলৰ চতুৰ্থ মহলাত থকা মহিলাগৰাকীৰ কোঠাত প্ৰৱেশ কৰে লোকজনে। তাৰপিছত খিৰিকীৰে মহিলাগৰাকীৰ কোঠাত প্ৰৱেশ কৰি মহিলাগৰাকীক নিৰ্যাতন চলায়। নৰোদা আৰক্ষী থানাত দাখিল কৰা এজাহাৰত অভিযোগকাৰী মহিলাগৰাকীয়ে কয় যে তেওঁ আৰু তেওঁৰ স্বামীয়ে ডেৰ মাহ পূৰ্বে নৰোদা-মুথিয়া অঞ্চলৰ হোটেলখনত আছিল। কিয়নো সেই সময়ত তেওঁলোকৰ ঘৰটো পুনঃনিৰ্মাণ কৰি আছিল।

সোমবাৰে পুৱা প্ৰায় ৩.৩০ বজাত অভিযোগকাৰীৰ স্বামীয়ে ব্ৰেকফাষ্ট ল’বলৈ যাওঁতে খিৰিকীত কোনোবা এজনক দেখা পায়। এজন লোকে হঠাতে জপিয়াই পৰি মহিলাগৰাকীক তেওঁৰ সৈতে অপকৰ্ম কৰিবলৈ জোৰজবৰদস্তি কৰে। যেতিয়া মহিলাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, তেতিয়া লোকজনে মহিলাগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। মহিলাগৰাকীয়ে সহায় বিচাৰি চিঞৰি নিজৰ কোঠাৰ পৰা ওলাই আহিল আৰু হোটেলৰ কৰ্মচাৰী আৰু স্বামীয়ে মহিলাগৰাকীক সহায় কৰিবলৈ দৌৰি গ’ল।

উল্লেখযোগ্য যে এজাহাৰত দিয়া অভিযোগ অনুসৰি, ইয়াৰ পিছত মানুহজনে তেওঁৰ স্বামীকো আক্ৰমণ কৰে। হোটেলখনৰ এজন কৰ্মচাৰীয়ে আৰক্ষীক ফোন কৰাত নৰোদা আৰক্ষীৰ এটা দলে হোটেলখনত উপস্থিত হৈ চৰ্দাৰনগৰ নিবাসী অভিযুক্ত পাৰ্থ পেটেলক গ্ৰেপ্তাৰ কৰে। নিৰ্যাতন আৰু আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে লোকজনৰ বিৰুদ্ধে।

You May Also Like

More From Author