ABMSUৰ সভাপতি টাইচন হুছেইনৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ..

1 min read

তামুলপুৰ জিলাৰ দাৰকুছিত যোৱা নিশা একাংশ বেঙ্গলী সম্প্ৰদায়ৰ যুৱকে জয় শ্ৰী ৰাম ধ্বনি দি এবিএমছুৰ দুটাকৈ কাৰ্য্যালয় ভাঙি লণ্ড ভণ্ড কৰাৰ উপৰিও এবিএমছুৰ সভাপতি টাইচন হুছেইনৰ দাৰকুছিৰ বাসগৃহত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে । আনকি উদণ্ড যুৱকসকলে আৰক্ষীৰ উপস্থিতিতে সভাপতিগৰাকীৰ বৃদ্ধ পিতৃ-মাতৃক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰে ।

ঘটনাৰ কিছু মুহুৰ্তৰ পাছতে তামুলপুৰ আৰক্ষী থানাৰ বৃহৎ দল আহি ঘটনাস্থলীত উপস্থিত হোৱাত উদণ্ড যুৱকসকল আঁতৰি যায় । ঘটনা সম্পৰ্কত এবিএমছুৰ সভাপতি টাইচন আহমেদে সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে এখন পূজাত সংঘটিত হোৱা এক সংঘাটৰ পিচতে এনেদৰে বেঙ্গলী সম্প্ৰদায়ৰ উদণ্ড যুৱকসকলে অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰে । ঘটনাৰ সময়ত দলীয় কামত বিজনীত থকা এবিএমছুৰ সভাপতিগৰাকীয়ে নিশাৰ ভাগতে নিজগৃহত উপস্থিত হৈ তামুলপুৰ আৰক্ষী থানাত উদণ্ড যুৱকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । ঘটনা সম্পৰ্কত উচিত তদন্ত কৰি দুৰ্বৃত্তসকলক উচিত শাস্তি প্ৰদানৰ বাবে তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এবিএমছুৰ তৰফৰ পৰা দাবী জনাইছে ।

You May Also Like

More From Author