বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা; সন্দেহৰ আঙুলি স্বামীৰ পৰিয়াললৈ

1 min read

পুনৰ ৰাজ্যত বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে ৷ নলবাৰীৰ খাৰজাৰাত এগৰাকী বোৱাৰীয়ে চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃত বোৱাৰীগৰাকীক স্বামী পংকজ ৰাজবংশী আৰু তেওঁৰ পৰিয়ালে মিলি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ আত্মীয়ই ৷

পূজাৰ আনন্দ উল্লাসৰ মাজতে নলবাৰীত এগৰাকী বোৱাৰীৰ আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে ৷ দেওবাৰে মহাষ্টমীৰ দিনাই নলবাৰীৰ খাৰজাৰাত এগৰাকী বোৱাৰীয়ে চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃত বোৱাৰীগৰাকীৰ নাম মৃদুলা ৰাজবংশী বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিচতেই মৃত বোৱাৰীগৰাকীক স্বামী পংকজ ৰাজবংশী আৰু তেওঁৰ পৰিয়ালে মিলি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ আত্মীয়ই ৷ স্বামী পংকজ ৰাজবংশী আৰু পৰিয়ালে মৃদুলা ৰাজবংশীক হত্যা কৰি এনেদৰে ৰচীৰে ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ তোলে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে । এই অভিযোগত পিচতেই বাবে খাৰজাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত নলবাৰী সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইতিমধ্যে নলবাৰী আৰক্ষীয়ে আটক কৰে অভিযুক্ত স্বামী পংকজ ৰাজবংশীক । পৰিয়ালৰ লোকে কোৱা অনুসৰি, দীৰ্ঘদিন ধৰি মৃদুলা ৰাজবংশীক শাৰীৰিক-মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী পংকজ ৰাজবংশীয়ে । ২০১৮ চনত জিলাখনৰ বালিতাৰা গাঁৱৰ মৃদুলা ৰাজবংশীয়ে বিবাহপাশত আৱদ্ধ হৈছিল খাৰজাৰাৰ পংকজ ৰাজবংশীৰ সৈতে । বিবাহৰ পিচৰে পৰা স্বামী পংকজ ৰাজবংশীয়ে মৃদুলা ৰাজবংশীক চৰম নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰে মৃদুলা ৰাজবংশীৰ পৰিয়ালৰ লোকৰ । সম্প্ৰতি নলবাৰী আৰক্ষীয়ে অভিযুক্ত পংকজক থানালৈ লৈ গৈ সোধা পোছা কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিচতহে এই ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব ৷

You May Also Like

More From Author