অসমত মুঠ ১০ হাজাৰৰ বিপৰীতে বাংলাদেশত ৩২ হাজাৰৰো অধিক দুৰ্গাপূজা

1 min read

শাৰদীয় দুৰ্গোৎসৱক লৈ উখল-মাখল সমগ্ৰ ৰাজ্য৷ দুৰ্গতিনাশিনী দেৱী মা দুৰ্গাক আৰাধনাৰ বাবে আধ্যাত্মিকতাৰ মাজতে জাক-জমকতাৰে সাজু কৰি তোলা হৈছে পূজাৰ মণ্ডপ৷ ঐতিহাসিক দৌল-দেৱালয়ৰ পৰা আৰম্ভ কৰি ব্যক্তি বিশেষে ঘৰুৱাভাৱে পৰম্পৰা ৰীতি-নীতিৰ মাজেৰে দুৰ্গা পূজাৰ আয়োজনক লৈ ব্যস্ত হৈ পৰিছে৷ শদিয়াৰ পৰা ধুবুৰীলৈ সৰ্বত্ৰ এতিয়া দুৰ্গা পূজাৰ উছাহ৷ বৰাক উপত্যকাৰৰ বাঙালি হিন্দুকে ধৰি সমগ্ৰ অসমত জনসংখ্যাৰ ফালৰ পৰা হিন্দু সংখ্যাগুৰু যদিও অসমত দুৰ্গা পূজা আয়োজনৰ সংখ্যা হৈছে মাত্ৰ ১০ হাজাৰ৷ কিন্তু অসমৰ গাতে লাগি থকা হিন্দু সংখ্যালঘু ৰাষ্ট্ৰ বাংলাদেশত দুৰ্গা পূজাৰ সংখ্যা অসমতকৈ তিনিগুণৰো অধিক৷ বাংলাদেশ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ৰাজধানী ঢাকাসহ সমগ্ৰ দেশখনত এইবাৰ ৩২ হাজাৰ ৪০৭খন দুৰ্গা পূজাৰ আয়োজন কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে হিন্দুৰ ওপৰত নিৰ্যাতন আৰু মুছলমান দুবৃৰ্ত্তই মঠ-মন্দিৰ ভঙাৰ খবৰে সংবাদ শিৰোনাম দখল কৰি অহাৰ সময়ত বাংলাদেশত প্ৰতিবছৰে দুৰ্গা পূজাৰ সংখ্যা বৃদ্ধি পাইহে আহিছে৷ বিগত বৰ্ষৰ তুলনাত এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰখনত ২৪০ খন পূজা বৃদ্ধি পাইছে৷ অৰ্থাৎ ২০২২ চনত বাংলাদেশত সৰ্বমুঠ ৩২ হাজাৰ ১৬৮ খন পূজা অনুষ্ঠিত হৈছিল৷ লক্ষণীয়ভাৱে এইবাৰ বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাতে ২৪৪খন পূজাৰ আয়োজন কৰা হৈছে৷ উল্লেখ্য, বাংলাদেশত হিন্দুৰ মঠ-মন্দিৰৰ ওপৰত প্ৰায়ে আক্ৰমণ চলিলেও সনাতন ধৰ্মাৱলম্বী সংখ্যালঘু লোকৰ দুৰ্গা পূজাক বাংলাদেশ চৰকাৰে জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে৷ অৱশ্যে দুৰ্গা পূজাক কেন্দ্ৰ কৰি ঠায়ে ঠায়ে মুছলমান লোকে পূজাৰ মণ্ডপ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ চলোৱা ঘটনা সংঘটিত হৈ অহাত এইবাৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে বাংলাদেশ চৰকাৰে৷ ৰাষ্ট্ৰখনৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কামালে পূজাৰ সময়ছোৱাত যাতে কোনো আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাক নিশ্চিত কৰিবলৈও নিৰাপত্তা বাহিনীক কঠোৰ নিৰ্দেশ দিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে ২০২১ চনত দুৰ্গা পূজাত বাংলাদেশত পূজাৰ মণ্ডপত দুষ্কৃতিকাৰীয়ে ইছলামৰ পৱিত্ৰ কোৰাণ ৰখাক কেন্দ্ৰ কৰি গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ এই ঘটনাক কেন্দ্ৰ কৰি বহু মন্দিৰৰ ওপৰত আক্ৰমণ চলাৰ লগতে কেইবাজনো হিন্দু নাগৰিকৰ মৃত্যু হৈছিল৷ অৱশ্যে চলিত বৰ্ষতো বিগত ১৭ ছেপ্টেম্বৰত একাংশ দুবৃৰ্ত্তই এটা হিন্দু মন্দিৰৰ প্ৰতীমা ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰিছিল৷ বাংলাদেশৰ মানৱাধিকাৰ আয়োগৰ তথ্য অনুসৰি চলিত বৰ্ষত জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ পৰ্যন্ত দেশখনত ২৫টা মন্দিৰৰ প্ৰতিমা লণ্ড-ভণ্ড কৰাৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এই সংঘৰ্ষত ১৩জন হিন্দু লোক আহত হৈছিল৷ তদুপৰি ২০১৩ চনৰ পৰা ২০২১ চন পৰ্যন্ত বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত ৩,৬৫৮টা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷ এই ঘটনাত ১ হাজাৰ ৬৭৮টা মন্দিৰৰ প্ৰতিমা ভাঙি পেলাইছে দুবৃৰ্ত্তই৷ এইবাৰ যাতে পূজাত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ডায়েল ৯৯৯ জৰুৰী সেৱা নম্বৰ মুকলি কৰিছে বাংলাদেশ আৰক্ষীয়ে৷ কিন্তু ইয়াৰ পাছতো বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাই হিন্দু লোকসকলক পূজা উদ্‌যাপনত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰিছে৷ লক্ষণীয়ভাৱে মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰ বাংলাদেশত হিন্দুৰ জনসংখ্যা হৈছে ১.৩৮ কোটি৷ অৰ্থাৎ মুছলমানৰ বিপৰীতে বাংলাদেশত হিন্দুৰ হাৰ হৈছে মাত্ৰ জ্জ্ব শতাংশ৷ ইয়াৰ বিপৰীতে ভাৰতৰ এখন ৰাজ্য হিচাপে অসমৰ মুঠ সংখ্যা প্ৰায় ৩ কোটি যদিও হিন্দুৰ সংখ্যা হৈছে ১.৯০ কোটি৷ অৰ্থাৎ বাংলাদেশতকৈ অসমত হিন্দুৰ সংখ্যা ৫০ লাখ বেছি৷ অৱশ্যে অসমৰ সকলো লোক শাক্ত ধৰ্মীয় নহয় বাবেই দুৰ্গা পূজা আয়োজনৰ সংখ্যাও কম৷ গুৱাহাটীত এইবাৰ প্ৰায় ৫০০ খন পূজাৰ আয়োজন কৰাৰ বিপৰীতে নগাঁও আৰু হোজাই জিলাত প্ৰায় ৪০০ খন পূজা অনুষ্ঠিত হ’ব৷ বঙাইগাঁও, ডিব্ৰুগড়, শোণিতপুৰ আদি জিলা গড়ে ১৫০ খনকৈ পূজাৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে৷

You May Also Like

More From Author