৩০০ ইউনিটলৈ বৃদ্ধি হোৱা নাই বিদ্যুৎ মাচুল: মুখ্যমন্ত্রী

0 min read

অসমত ৩০০ ইউনিটলৈ ঘৰুৱা বিদ্যুৎ গ্রাহকৰ ক্ষেত্রত কোনো বিদ্যুৎ মাচুল বৃদ্ধি হোৱা নাই৷ এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিদ্যুৎ মাচুল সম্পর্কত ভুলকৈ বাতৰি প্রকাশ পাইছে৷ ৩০০ ইউনিটলৈ কোনো বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা নাই৷ ৩০০–৫০০ ইউনিটলৈ বিদ্যুতৰ ক্ষেত্রত প্রতি ইউনিটত ২০ পইচাকৈহে মাচুল বৃদ্ধি হৈছে৷ সেইদৰে ৫০০ ইউনিটৰ ওপৰত চৰকাৰী কার্যালয়তহে বিদ্যুৎ মাচুল অলপ বৃদ্ধি পাইছে৷ ৩০০ ইউনিটলৈ বিদ্যুৎ মাচুল এপইচাও বৃদ্ধি কৰা নাই৷

You May Also Like

More From Author