গুৱাহাটীলৈ অনা হৈছে মণিপুৰৰ শিক্ষাৰ্থী হত্যাকাণ্ডৰে জড়িত অভিযুক্তক..

1 min read

চেণ্ট্ৰেল ইনভেষ্টিগেচন ব্যুৰ চমুকৈ CBIয়ে দেওবাৰে মণিপুৰৰ দুই শিক্ষাৰ্থী হত্যকাণ্ডৰে জড়িত ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। মণিপুৰৰ পাহাৰীয়া জিলা চূড়াচান্দপুৰ পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে দুগৰাকী মহিলাসহ ৪ অভিযুক্তকে গ্ৰেপ্তাৰ কৰে। ধৃত অভিযুক্তকেইটা পাওমিনলুন হাওকিপ, মালছাৱন হাওকিপ, লিংনেইচং বাইটে আৰু টিননেইখল বুলি চিনাক্ত কৰা হৈছে। আটাইকে CBIৰ দলে মণিপুৰ আৰক্ষীৰ সহায়ত দেওবাৰেই এখন বিশেষ বিমানৰ সহায়ত গুৱাহাটীলৈ প্ৰেৰণ কৰে।

উচ্চতম ন্যায়ালয়ে মণিপুৰৰ ঘটনাৰ বিচাৰ মণিপুৰ বাহিৰত চলিব লাগিব বুলি দিয়া নিৰ্দেশ মৰ্মেই ৪ অভিযুক্তক অসমলৈ অনা হৈছে। অতিয়া গুৱাহাটীৰ আদালততে ৪ অভিযুক্তৰ বিচাৰ চলিব। এই চাৰিটা অভিযুক্তৰ সৈতে এটা অভিযুক্ত দম্পতীৰ ৯ বছৰীয়া আৰু ১১ বছৰীয়া দুই সন্তানকো গুৱাহাটীলৈ অনা হয়। দুয়োকে নিৰাপত্তা তথা পৰিচৰ্যাৰ বাবে কামৰূপ মহানগৰ জিলাৰ শিশু সুৰক্ষা বিষয়াক অৰ্পণ কৰা হৈছে। ঘটনা সন্দৰ্ভত মণিপুৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দোষীয়ে সৰ্বোচ্ছ শাস্তি পোৱাৰ ক্ষেত্ৰত চৰকাৰে সকলো কৰিব বুলি মন্তব্য কৰিছে।

মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে জুলাইত সংঘটিত হোৱা দুই মেইটেই শিক্ষাৰ্থীৰ হত্যাকাণ্ডই শেহতীয়াকৈ মণিপুৰ জোকাৰি গৈছে। জুলাইতে মণিপুৰৰ চূড়াচন্দপুৰৰ পৰা কোচিং ক্লাছলৈ বুলি মটৰ চাইকেলেৰে ওলাই যোৱা ১৭ বছৰীয়া দুই শিক্ষাৰ্থী (এগৰাকী ছাত্ৰ, আনগৰাকী ছাত্ৰী) নোহোৱা হৈছিল। ছেপ্টেম্বৰৰ শেষৰ সপ্তাহত দুগৰাকী শিক্ষাৰ্থীৰ মৃতদেহৰ ফটো ভাইৰেল হৈ পৰে। ফটোখন হাবিৰ মাজত এটা সশস্ত্ৰ সংগঠনৰ শিবিৰত উঠোৱা। ফটোত থকা শিক্ষাৰ্থী দুগৰাকী, জুলাইতে সন্ধানহীন হোৱা, বহু বিচাৰ খোচাৰ কৰিও সন্ধান নোপোৱা,  শিক্ষাৰ্থী দুগৰাকীৰে বুলি নিশ্চিত হোৱাৰ পাছত হত্যাকাণ্ডৰে জড়িতক গ্ৰেপ্তাৰৰ দাবীৰে মণিপুৰত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়।

You May Also Like

More From Author