৯ অক্টোবৰলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰৱল বৰষুণ

1 min read

আগন্তুক ৩ দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত প্ৰকাশ কৰিছে আগন্তুক ৯ অক্টোবৰলৈ বতৰৰ আগজাননী।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা আগজাননী অনুসৰি ৯ অক্টোবৰলৈ ৰাজ্যত প্ৰৱল বৰষুণ লগতে ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে কেইবাখনো জিলাত আজিৰ দিনটোত বৰষুণ অব্যাহত থাকিব।

বতৰ বিজ্ঞান কেন্দ্ৰই নামনি অসমৰ কোকৰাঝাৰ, চিৰাং, বঙাইগাওঁ, ধুবুৰী, দক্ষিণ শালমাৰা মানকাছৰ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। এই জিলাকেইখনত নেৰানেপেৰা বৰষুণৰ লগতে ব্ৰজপাতৰ আশংকা কৰা হৈছে।

সেইদৰে গোৱালপাৰা, বৰপেটা বাক্সাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, দৰং, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাচাও, কৰিমগঞ্জ, লখিমপুৰ, ডিব্ৰুগড় জিলাৰ বাবে য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে।

কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটীত আজিৰ দিনটোত ৯১ শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ উপৰিও শিলচৰ, গোৱালপাৰা, গোলাঘাট, যোৰহাটস উত্তৰ লখিমপুৰৰ দৰে মুখ্য চহৰসমূহত বৰষুণৰ সম্ভাৱনা ৯০ শতাংশৰো অধিক।

You May Also Like

More From Author