এইবাৰ কিহত আগমন হব মা দুৰ্গাৰ, গমন কিহত? জানি লওক সকলো

0 min read

চৌদিশে এতিয়া দুৰ্গা পূজাৰ প্ৰস্তুতি। আৰু মাত্ৰ এটা মাহ। পূজাৰ আনন্দত উখল–মাখল হ’ব সমগ্ৰ দেশ। উজলি উঠিব গাঁও–চহৰ সকলো।

এইবাৰ দুৰ্গা পূজাত মা দুৰ্গাৰ আগমন কিদৰে হ’ব।

কিহত আহিব দেৱী দুৰ্গা ?

পঞ্জিকা মতে, এইবাৰ দেৱী দুৰ্গাৰ আগমন হ’ব ঘোঁৰাত। পঞ্জিকা মতে যাৰ অৰ্থ হ’ল ‘ছত্ৰভংগ’। আৰু মা দুৰ্গাৰ গমনো হ’ব ঘোঁৰাত।

দুৰ্গা পূজাৰ ষষ্ঠী : এইবাৰ দুৰ্গা পূজাৰ ষষ্ঠী পৰিছে ২০ অক্টোবৰ (২ কাতি, শুকুৰবাৰ)। সেইদিনা পুৱা মা দুৰ্গাৰ ষষ্ঠ্যদিকল্পনাৰম্ভ আৰু ষষ্ঠীৰ বিহিত পূজা হ’ব। সন্ধিয়া দেৱী দুৰ্গাৰ বোধন, আমন্ত্ৰণ আৰু অধিবাস হ’ব।

দুৰ্গা পূজাৰ সপ্তমী : ২১ অক্টোবৰত (৩ কাতি, শনিবাৰ) দুৰ্গা পূজাৰ সপ্তমী। সেইদিনী দুৰ্গা দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, স্থাপন, সপ্তম্যাদিকল্পাৰম্ভ আৰু পূজা প্ৰশস্তা হ’ব। দেৱীৰ অৰ্ধৰাত্ৰ বিহিত পূজা হ’ব সপ্তমীত।

দুৰ্গা পূজাৰ অষ্টমী : ২২ অক্টোবৰত (৪ কাতি, দেওবাৰ) অষ্টমী। সেইদিনা দুৰ্গা দেৱীৰ মহাষ্টম্যাদী কল্পাৰম্ভ আৰু কেৱল মহাষ্টমীকল্পাৰম্ভ আৰু মহাষ্টমীৰ বিহিত পূজা হ’ব। সেই দিনা হ’ব সন্ধি পূজা। বলিদানো হ’ব।

দুৰ্গা পূজাৰ নৱমী : ২৩ অক্টোবৰ (৫ কাতি, সোমবাৰ)ত পৰিছে নৱমী। সেইদনা মহানৱমীকল্পাৰম্ভ মহা নৱমীৰ বিহিত পূজা হ’ব। দেৱীৰ নৱৰাত্ৰিক ব্ৰত সমাপ্ত হ’ব মহা নৱমীত।

দুৰ্গা পূজাৰ বিজয়া দশমী : ২৪ অক্টোবৰত (৬ কাতি, মঙলবাৰ) বিজয়া দশমী। সেইদিনা দেৱী দুৰ্গাক বিদায় জনোৱা হ’ব। দুৰ্গা দেৱীৰ দশমীৰ বিহিত পূজা সমাপনৰ অন্তত নিৰঞ্জন প্ৰশস্তা। নিৰঞ্জনৰ পিছত অপৰাজিতা পূজা। লগে লগে আৰু এটা বছৰৰ অপেক্ষাৰে ভক্তগণে বিদায় জনাব মা দুৰ্গাক।

You May Also Like

More From Author