নগাঁৱৰ ADP কলেজৰ ছাত্ৰী নিবাসৰ কোঠাত আত্মহত্যা

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৩অক্টোবৰ:–নগাঁৱত এগৰাকী ছাত্ৰীয়ে  চিলিং ফেনত চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । আত্মহত্যা কৰা ছাত্ৰীগৰাকী হৈছে মাৰজানা কাদিৰ লস্কৰ । নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ  B.Vocৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰী আছিল । মাৰজানা কাদিৰ লস্কৰৰ ঘৰ লংকাত আছিল বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, বিগত কেইদিনমান ধৰি অসুস্থ হৈ আছিল ছাত্ৰীগৰাকী । বৃহস্পতি বাৰে পুৱা চিকিৎসকৰ ওচৰলৈ গৈছিল মাৰজনা । চিকিৎসকৰ ওচৰৰ পৰাই আহিয়ে আত্মহনন দৰে পথ বাছি লয় ছাত্ৰীগৰাকীয়ে । মৃত্যুৰ পূৰ্বে এক চুইছাইড নোটত লিখি থৈ যায় ছাত্ৰীগৰাকীয়ে। চুইছাইড নোটত লিখা আছে  “মা-পাপা মোক ক্ষমা কৰি দিবা” । উল্লেখ্য যে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ চৌহদতে থকা ১ নং ছাত্ৰী নিবাসৰ কোঠাৰ চিলিং ফেনত চিপজৰী লৈ আত্মহত্যা কৰে ছাত্ৰী গৰাকীয়ে ৷ কি কাৰণে ছাত্ৰীগৰাকীয়ে  এই কঠোৰ সিদ্ধান্ত বাছি ল’লে সেই কথা বৰ্তমান লৈ স্পষ্ট হোৱা নাই আৰু ইতিমধ্যে নগাঁৱৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী নিৰ্বাচনৰ কামত ব্যস্ত আছিল ।

 

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author