বৰপেটাত লোমহৰ্ষক হত্যাকাণ্ড; কুঠাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা পত্নী আৰু কন্যাক

0 min read

বৰপেটা চহৰৰ গান্ধীনগৰত আজি সন্ধিয়া প্ৰায় ৫ বজাত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়৷ এই হত্যাকাণ্ডত স্বামীৰ হাতত থিতাতে নিহত হয় পত্নী আৰু নিজ কন্যা ৷ গান্ধীনগৰ নিবাসী স্বামী ঋষভ দাসে নিজ ঘৰৰ চোতালত কুঠাৰে উপৰ্যুপৰি ঘপিয়াই নৃশংসভাৱে পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাসক হত্যা কৰে৷ পাৰিবাৰিক সংঘাতৰ বাবেই এনেদৰে পত্নী আৰু কন্যাক নৃশংসভাৱে হত্যা কৰিলে বুলি জানিব পৰা পৰা গৈছে৷ পত্নী কন্যা হত্যাকাৰী ঋষভ দাসৰ বৰপেটা গান্ধীনগৰত এখন ষ্টেচনাৰী দোকান আছিল৷ ঘটনাৰ সময়ত পৰিয়ালটোত উপস্থিত আছিল হিয়া দাসৰ এগৰাকী বান্ধৱী আৰু বান্ধৱীগৰাকীৰ মাতৃ ৷ বান্ধৱীগৰাকী আৰু বান্ধবীৰ মাতৃকো আক্ৰমণ চলোৱাৰ উদ্যত হৈছিল হত্যাকাৰীয়ে৷ অৱশ্যে ঘৰৰ ভিতৰত সোমাই ৰক্ষা পৰে বান্ধৱী আৰু বান্ধৱীৰ মাতৃ৷ বান্ধৱীৰ মাতৃয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ বান্ধৱী আৰু বান্ধৱীৰ মাতৃয়ে জনোৱা মতে হত্যাকাৰী ঋষভ দাসে প্ৰথমতে পত্নীক ঘপিয়ায় ৷ কুঠাৰৰ ঘাপত মাতৃক পৰি যোৱা দেখি কন্যা হিয়া দাসে আগবাঢ়ি আহি মাতৃক সাৱটি ধৰে৷ তেনে অৱস্থাতে পত্নী কন্যা সাৱটা সাৱটি কৰি থকা অৱস্থাতে দা আৰু পিচত কুঠাৰেৰে ঘপিয়াই হত্যা কৰে ৷ বিনীতা দাসে স্থানীয় গান্ধী নগৰৰে এখন ডিপাৰ্টমেন্টেল ষ্টোৰত কাম কৰি কন্যাৰে চলি আছিল৷ কন্যা হিয়া দাস উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী আছিল৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী ঋষভক গ্ৰেপ্তাৰ কৰিছে ৷ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে প্ৰায় ৮ বছৰ পূৰ্বে ঋষভ দাসে নিজ ভনীয়েক এগৰাকীকো দাৰে আক্ৰমণ কৰি হাতৰ কেবাটাও আঙুলি ছেদ কৰিছিল ৷ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে বিনীতা দাস আৰু হিয়া দাসৰ মৃতদেহ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷ আনহাতে হত্যাকাৰী ঋষভ দাসক বৰপেটাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

You May Also Like

More From Author