আজি পুনৰ এক ভয়াৱহ ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ। আজি সন্ধিয়া অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰ জিলাত দুখন যাত্ৰীবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষত কমেও ৬ জন লোক নিহত হোৱাৰ লগতে ২০ জনৰো অধিক লোক আহত হয়। দেওবাৰে সন্ধিয়া বিজয়নগৰ জিলাত সংঘটিত হোৱা দুৰ্ঘটনাটোত বিশাখাপট্টনমৰ পৰা ৰায়গড় অভিমুখে গৈ থকা এখন যাত্ৰীবাহী ৰে’ল ৰেলপথৰ পৰা লাইনচ্যুত হয়।
দক্ষিণ উপকূলীয় ৰে’লৱে জ’নৰ এজন বিষয়াই জনোৱা মতে, ০৮৫০৪ বিশাখাপট্টনম-ৰায়গড় যাত্ৰীবাহী ৰে’লখনৰ সৈতে ০৮৫৩২ বিশাখাপট্টনম-পলাছা যাত্ৰীবাহী নামৰ ৰে’লখনৰ মুখামুখি সংঘৰ্ষৰ ফলত ৩ টা দবা দুৰ্ঘটনাগ্ৰস্ত হৈ এতিয়ালৈকে প্ৰায় ২০ জন লোক আহত হয়। দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে আৰু আৱদ্ধ যাত্ৰীসকলক লৈ যোৱাৰ বাবে বিজয়নগৰৰ পৰা এখন ৰে’ল প্ৰেৰণ কৰা হয়।
উক্ত ঘটনাক লৈ শোক প্ৰকাশ কৰি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে তাৎক্ষণিক সাহায্য ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিজয়নগৰৰ নিকটৱৰ্তী জিলা বিশাখাপট্টনম আৰু অনকাপল্লীৰ পৰা যিমান পাৰি সিমান এম্বুলেন্স প্ৰেৰণ কৰাৰ লগতে ওচৰৰ চিকিৎসালয়সমূহত সকলো ধৰণৰ ব্যৱস্থা কৰি যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে স্বাস্থ্য, আৰক্ষী আৰু ৰাজহকে ধৰি অন্যান্য চৰকাৰী বিভাগসমূহৰ সমন্বয় সাধন কৰি ক্ষন্তেকীয়া সাহায্যৰ ব্যৱস্থা গ্রহণ কৰাৰ লগতে আহতসকলে যাতে শীঘ্রে চিকিৎসা সেৱা লাভ কৰে তাৰ বাবেও নির্দেশ জাৰি কৰে অন্ধ্র প্রদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। মুখ্যমন্ত্ৰীয়ে নিহতসকলৰ পৰিয়ালৰ বাবে ১০ লাখ আৰু গুৰুতৰভাৱে আহতসকলৰ বাবে ২ লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰে।