ৰাসায়নিক ব্যৱহাৰ কৰি পকোৱা আম কেনেকৈ চিনিব

1 min read
বজাৰত আমৰ চাহিদাৰ লগে লগে একশ্ৰেণীৰ অসৎ ব্যৱসায়ীয়ে অধিক লাভৰ আশাত ৰাসায়নিক ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে আম পকায়৷ এনে আম স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ আম কৃত্ৰিমভাৱে পকাবলৈ কেলছিয়াম কাৰ্বাইড নামৰ এবিধ ৰাসায়নিক ব্যৱহাৰ কৰা হয়৷ আদ্ৰৰ্তাৰ সংস্পৰ্শলৈ অহাৰ লগে লগে এই ৰাসায়নিকৰ পৰা এচিটিলিন নামৰ এবিধ গেছ নিৰ্গত হয়৷ ফলত আম সোনকালে পকিবলৈ ধৰে৷ এনে ৰাসায়নিক স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে৷ ৰাসায়নিক ব্যৱহাৰ কৰি পকোৱা আম খালে ছাল জ্বলা-পোৰা কৰা, শ্বাসকষ্ট আৰু গেষ্ট্ৰ’ইনটেষ্টাইনাল সমস্যাই দেখা দিব পাৰে৷ প্ৰশ্ন হয়, বজাৰত পোৱা আম প্ৰাকৃতিকভাৱে পকা নে ৰাসায়নিক ব্যৱহাৰ কৰি পকোৱা হৈছে সেই বিষয়ে কেনেদৰে অৱগত হ’ব৷ উল্লেখ কৰা হ’ল ৰাসায়নিক ব্যৱহাৰেৰে পকোৱা আম চিনি পোৱাৰ কেইটামান উপায়–
(১) বজাৰৰ পৰা আম কিনাৰ সময়ত তাৰ বৰণলৈ মন কৰিব৷ যদি আম ৰাসায়নিক ব্যৱহাৰ কৰি পকোৱা হৈছে, তেনেহ’লে দেখিব এই আম পকাৰ পাছতো সেউজীয়া হৈয়ে আছে৷
(২) আমৰ আকৃতি চায়ো সেয়া প্ৰাকৃতিকভাৱে পকা নে ৰাসায়নিক ব্যৱহাৰ কৰি পকোৱা হৈছে সেয়া বুজিব পৰা যায়৷ ৰাসায়নিক ব্যৱহাৰেৰে পকোৱা আমৰ আকাৰ সৰু হয়৷ তদুপৰি আমৰ গাত বগা বা নীলা বৰণৰ দাগ দেখিলে জানিব তাত ৰাসায়নিক ব্যৱহাৰ কৰা হৈছে৷
(৩) বজাৰৰ পৰা কিনি অনা আম এবাল্টি পানীত ডুবাই ৰাখক৷ যদি আমসমূহ পানীৰ তললৈ নামিছে, জানিব এই আম প্ৰাকৃতিকভাৱে পকা৷ কিন্তু যদি আমসমূহ ভাঁহি উঠে, তেতিয়া জানিব যে এইবোৰ আমত ৰাসায়নিক ব্যৱহাৰ কৰা হৈছে৷
(৪) কিনাৰ সময়ত যিবোৰ আম আঙুলিৰে সাধাৰণভাৱে হেঁচি ধৰিলে ক’ৰবাত নৰম আৰু ক’ৰবাত টান যেন লাগে জানিব এই আমত ৰাসায়নিক ব্যৱহাৰ কৰা হৈছে৷

You May Also Like

More From Author