কণী কুহুমৰ সৈতে খালে কলেষ্টেৰল বাঢ়ে নেকি?

0 min read

বহুতৰে ধাৰণা যে কণীৰ কুহুমে বিভিন্ন ৰোগত আক্ৰান্ত কৰে৷ কিন্তু শেহতীয়া বিভিন্ন গৱেষণাত দেখা গৈছে যে এই ধাৰণা ভুল৷ পুষ্টি বিশেষজ্ঞসকলৰ মতে কুহুমত স্বাস্থ্যকৰ ফেটছ্‌, ভাল কলেষ্টেৰল থাকে, যিবোৰ উপাদান হৃদযন্ত্ৰৰ বাবে উপকাৰী৷ তদুপৰি প্ৰ’টিনৰ অভাৱ পূৰণ কৰিবলৈ দৈনিক অন্ততঃ কুহুমসহ এটা কণী খাব লাগে৷

কণীত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে৷ শৰীৰ সুস্থ ৰাখিবলৈ প্ৰয়োজন হোৱা এমিনো এচিড পোৱা যায় কণীত৷ তদুপৰি কণীৰ কুহুমত কোলিন নামৰ এবিধ উপাদান থাকে৷ এইবিধ উপাদানে মস্তিষ্কৰ স্বাস্থ্য সুস্থ ৰখাত সহায় কৰে৷ তদুপৰি কণীত থকা লুটেইন নামৰ উপাদানবিধে বয়সজনিত বিভিন্ন সমস্যা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে৷ চিকিৎসকসকলে হৃদৰোগীসকলক দৈনিক এটাকৈ হ’লেও কুহুমসহ কণী খাবলৈ পৰামৰ্শ দিয়ে৷

কণী কুহুমৰ সৈতে খোৱাতকৈ অধিক গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে কণী কিদৰে খোৱা উচিত৷ কিয়নো ৰন্ধনৰ ওপৰত কণীৰ পুষ্টিগুণ নিৰ্ভৰ কৰে৷ ভাজি খোৱাতকৈ কণী সিজাই খালে বেছি উপকাৰ পোৱা যায়৷

You May Also Like

More From Author