চুলি সৰা বন্ধ কৰাৰ কেইটামান উপায়…

1 min read

বিভিন্ন দৰৱ ব্যৱহাৰ কৰিও চুলি সৰা সমস্যাৰ পৰা হাত সাৰিব পৰা নাযায়৷ এবাৰ চুলি সৰিবলৈ আৰম্ভ কৰিলে ই সহজে বন্ধ নহয়৷ চুলি পাতল হ’লে সৌন্দৰ্য হানি হোৱাৰ লগতে শাৰীৰিক সমস্যাৰ লক্ষণো হ’ব পাৰে৷ কিন্তু চুলি সৰা বন্ধ কৰাৰ কিছুমান ঘৰুৱা উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল চুলি সৰা সমস্যা বন্ধ কৰিব পৰা কেইটামান ঘৰুৱা উপায়–

[১] নাৰিকলৰ গাখীৰ ব্যৱহাৰঃ চুলিৰ যতন লোৱাৰ ক্ষেত্ৰত নাৰিকল তেলৰ লগতে নাৰিকলৰ গাখীৰো উপকাৰী৷ নাৰিকলৰ গাখীৰে চুলি সৰা বন্ধ কৰাৰ লগতে চুলি সোনকালে দীঘল হোৱাত সহায় কৰে৷ ইয়াৰ বাবে নাৰিকলটো ৰুকি পৰিষ্কাৰ পাতল কাপোৰেৰে চেকি লৈ গাখীৰ উলিয়াই লওক৷ পাছত এই গাখীৰেৰে মূৰৰ ছাল আৰু চুলিৰ গুৰিত মালিচ কৰক৷ কিছু সময় শ্বাৱাৰ কেপ পিন্ধি থাকক৷ এঘণ্টামান তেনেদৰে থাকি চুলিখিনি ছেম্পু কৰি লওক৷ সপ্তাহত অন্ততঃ এবাৰ এনেদৰে নাৰিকলৰ গাখীৰ ব্যৱহাৰ কৰক৷

[২] নিমপাতৰ ব্যৱহাৰঃ ছাল আৰু চুলিৰ যতন লোৱাৰ ক্ষেত্ৰত নিমপাতৰ ব্যৱহাৰ অতি প্ৰাচীন৷ নিমপাতত থাকে উচ্চ মাত্ৰাৰ ফেটি এচিড৷ এই এচিড মূৰৰ ছালৰ বাবে অতি উপকাৰী৷ যিসকলে চুলি সৰা সমস্যাত ভুগিছে তেওঁলোকে নিয়মিত নিমপাত ব্যৱহাৰ কৰক৷ ইয়াৰে বাবে দহ-বাৰটামান নিমপাত নাৰিকল তেলৰ সৈতে মিহলাই ৰাখক৷ এইবাৰ নিমপাতখিনি বটি তাৰ পৰা ৰস উলিয়াওক৷ সেই ৰস পুনৰ নাৰিকল তেলৰ সৈতে মিহলাই মূৰৰ ছাল আৰু চুলিৰ গুৰিত সানক৷ এনেদৰে অন্ততঃ আধাঘণ্টা সময় ৰাখক৷ নাৰিকল তেলৰ উপৰি এই ক্ষেত্ৰত অলিভ অইল বা আমণ্ড অইলো ব্যৱহাৰ কৰিব পাৰে৷ কেইদিনমান এই উপায় অৱলম্বন কৰিলে দেখিব চুলি সৰা বন্ধ হৈ আহিছে৷

[৩] মেথিগুটিৰ ব্যৱহাৰঃ মেথিগুটি ব্যৱহাৰ কৰিও চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ মেথিয়ে চুলি দীঘল কৰাত সহায় কৰে৷ মেথিত পৰ্যাপ্ত পৰিমাণে থাকে প্ৰ’টিন৷ প্ৰ’টিনে মূৰত তেজৰ সৰবৰাহ বঢ়োৱাত সহায় কৰে৷ তদুপৰি মেথিগুটিত ভিটামিন-চি, আইৰণ আৰু পটাছিয়াম থাকে৷ এইকেইটা উপাদানে চুলিৰ অকালপক্কতা ৰোধ কৰাতো সহায় কৰে৷ মেথিগুটি চুলিত ব্যৱহাৰৰ বাবে প্ৰথমতে পানীত তিয়াই ৰাখক৷ এটা ৰাতি মেথিগুটিখিনি তিয়াই ৰখাৰ পাছত পুৱা ভালদৰে বটি লৈ তাত দুই-তিনি টোপাল নেমুৰ ৰস মিহলাই লওক৷ এই মিশ্ৰণটো অন্ততঃ আধাঘণ্টা সময় মূৰত সানি ৰাখক৷ এই উপায় অৱলম্বন কৰিলে চুলিৰ গুৰি মজবুত হয় আৰু চুলি সৰা বন্ধ হয়৷ সপ্তাহত অন্ততঃ এদিন এনেদৰে কৰক৷

You May Also Like

More From Author