হাঁওফাঁওত হ’ব পৰা সংক্ৰমণ ৰোধৰ বাবে এইখিনি কৰক…

0 min read

বতাহত মিহলি হৈ থকা ধূলিকণাৰ পৰা হাঁওফাঁওৰ মাৰাত্মক ক্ষতি হয়৷ এনে ধৰণৰ ধূলিকণাৰ পৰাই হাঁওফাঁওত গুৰুতৰ সমস্যাৰ সৃষ্টি হয়৷ এনেদৰে ধূলিকণাৰ লগতে অন্য কাৰণত হোৱা সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰাকৃতিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷ এই ব্যৱস্থাৰ জৰিয়তে হাওঁফাওঁক পৰিষ্কাৰ কৰিও ৰাখিব পাৰি–

গ্ৰীণ টীঃ গ্ৰীণ টীত আছে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট৷ নিয়মীয়াকৈ গ্ৰীণ টী খালে শৰীৰৰ পৰা সহজেই দূষিত পদাৰ্থ বাহিৰ হয়৷

কুহুমীয়া পানীঃ ৰাতিপুৱা শুই উঠিয়েই এগিলাচ কুহুমীয়া পানীত নেমুৰ ৰস মিহলাই খালে যথেষ্ট সুফল পোৱা যায়৷ তদুপৰি দিনত আহাৰ গ্ৰহণৰ পাছত এগিলাচ আনাৰসৰ ৰস খালেও হাঁওফাঁওৰ সংক্ৰমণ প্ৰতিৰোধ হয়৷

গাজৰৰ ৰসঃ হাঁওফাঁও পৰিষ্কাৰ কৰি ৰখাৰ বাবে নিয়মীয়াকৈ গাজৰৰ ৰস খোৱাৰ অভ্যাস কৰক৷

আদাঃ শৰীৰত ৰোগ প্ৰতিৰোধ, কাহ, চৰ্দি আদিত আদা অতি উত্তম৷ একেদৰে আদাৰ ৰস নিয়মীয়াকৈ খালে হাঁওফাঁওত হ’ব পৰা যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰি৷ এই ক্ষেত্ৰত কেঁচা আদা চোবাই খালে সহজে ভাল ফল পাব পাৰি৷ আদাই শৰীৰৰ পৰা দূষিত পদাৰ্থ ওলাই যোৱাত সহায় কৰে৷

পদিনা পাতঃ প্ৰতিদিনে চাহ বা চালাদৰ সৈতে কমেও পাঁচটাকৈ পদিনা পাত খোৱাৰ অভ্যাস কৰিলে হাঁওফাঁওৰ বিভিন্ন সংক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰি৷ একেদৰে দিনটোত পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী সেৱন কৰিব লাগে৷

শৰীৰ চৰ্চাঃ হাঁওফাঁওত হোৱা বিভিন্ন সংক্ৰমণ প্ৰতিৰোধৰ বাবে শৰীৰ চৰ্চা অতি উত্তম৷ শৰীৰ চৰ্চাৰ জৰিয়তে হাওঁফাওঁত হোৱা সংক্ৰমণ ৰোধ কৰিব পাৰি৷

You May Also Like

More From Author