পিঁয়াজ এইদৰে ৰাখিলে বহুদিনলৈ ভালে থাকে

1 min read

আমিষভোজী সকলৰ ব্যঞ্জনত পিঁয়াজ নহ’লে নহয়৷ পিঁয়াজে যিকোনো ব্যঞ্জন অধিক সু-স্বাদু কৰি তোলে৷ সেয়ে আমিষভোজী পৰিয়ালৰ ৰান্ধনিশালৰ এক অন্যতম উপাদান হৈছে পিঁয়াজ৷ বহুতে কেতিয়াবা পিঁয়াজ বেছিকৈ কিনি থয়৷ বেছিকৈ পিঁয়াজ কিনি ৰাখিলে কেতিয়াবা পচিবলৈ ধৰে৷ বিশেষকৈ বাৰিষা বা গৰমৰ দিনকেইটাত পিঁয়াজ বেছিদিনলৈ ভালে ৰখাটো কষ্টসাধ্য হয়৷ পিছে, পিঁয়াজ বেছিদিনলৈ ভালে ৰখাৰ বাবে উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল পিঁয়াজ বেছিদিনলৈ ভাল ৰখাৰ কেইটামান সহজ উপায়–

⬛মৰাপাটৰ বেগত ৰাখকঃ বজাৰত প্ৰায়েই দেখা যায় যে আলু-পিঁয়াজ পাচলি ব্যৱসায়ীসকলে মৰাপাটৰ বস্তাত ৰাখে৷ ইয়াৰ ফলত পিঁয়াজ বহুদিনলৈ ভালে থাকে৷ গতিকে ঘৰত পিঁয়াজ বেছিদিনলৈ ভালে ৰাখিবলৈ মৰাপাটৰ বেগত ৰখা কৰক৷

⬛আন পাচলিৰ সৈতে নাৰাখিবঃ পিঁয়াজ বেছিদিনলৈ ভালে ৰাখিবলৈ হ’লে আন শাক-পাচলিৰ সৈতে একেলগে কেতিয়াও নাৰাখিব৷ অন্যান্য পাচলিয়ে পিঁয়াজ সোনকালে নষ্ট কৰে৷ বিশেষকৈ আলু বা নহৰুৰ সৈতে পিঁয়াজ ভুলতো নাৰাখিব৷ কাৰণ আলু আৰু নহৰুত অত্যধিক মাত্ৰাত ছাইট্ৰিক এচিড থাকে৷ এই এচিডৰ সংস্পৰ্শ পালে পিঁয়াজ সোনকালে পচে৷

⬛প্লাষ্টিকৰ বেগত নাৰাখিবঃ পিঁয়াজ যদি সঁচাকৈয়ে বহুদিনলৈ ভালে ৰাখিব বিচাৰে তেন্তে ইয়াক ভুলতো প্লাষ্টিকৰ বেগত নাৰাখিব৷ পিঁয়াজৰ নিজস্ব আদ্ৰৰ্তা থাকে৷ প্লাষ্টিকৰ বেগে সেই আদ্ৰৰ্তাক শোষণ কৰে৷ ফলত সোনকালেই পিঁয়াজ পচিবলৈ আৰম্ভ কৰে৷

You May Also Like

More From Author