সাৱধান! এইবোৰ লক্ষণ ইউৰিক এচিডৰ…

1 min read

আজি-কালি প্ৰায়ভাগ লোকৰ মুখতে ইউৰিক এচিডৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ডায়েবেটিছ, কলেষ্টেৰ’ল ট্ৰাইগ্লিচাৰাইডৰ দৰে ইউৰিক এচিডৰ সমস্যাত ভোগা লোকৰ সংখ্যা সম্প্ৰতি ব্যাপক হাৰক বৃদ্ধি পাবলৈ ধৰিছে৷ দেহত ইউৰিক এচিডৰ মাত্ৰা বাঢ়িলে বিভিন্ন সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷ আচলতে শৰীৰৰ এবিধ বৰ্জ্য পদাৰ্থই হৈছে এই ইউৰিক এচিড৷ পিউৰিণ সমৃদ্ধ খাদ্য হজমৰ ফলত তাৰ পৰা বৰ্জ্য হিচাপে ইউৰিক এচিডৰ সৃষ্টি হয়৷ সহজ কথাত ক’বলৈ গ’লে প্ৰটিন বিপাকৰ ফলত দেহত ইউৰিক এচিড প্ৰস্তুত হয়৷ ইউৰিক এচিড প্ৰাকৃতিকভাৱে দেহত থাকে৷ কিন্তু ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পালে সমস্যা আৰম্ভ হয়৷

ইউৰিক এচিড জমা হ’বলৈ ধৰিলে ভৰিত প্ৰাথমিক লক্ষণে দেখা দিয়ে৷ ভৰিৰ পতা ফুলিবলৈ আৰম্ভ কৰে৷ লগতে ইউৰিক এচিড বাঢ়িবলৈ আৰম্ভ কৰিলে ডায়েবেটিছ আৰু ৰক্তচাপৰ দৰে সমস্যাই দেখা দিবলৈ ধৰে৷ এই সমস্যাৰ বাবে কিন্তু মূলতঃ দায়ী অনিয়মীয়া জীৱনশৈলী৷ অতিৰিক্ত চাপ, খাদ্যাভ্যাস, কোনোধৰণৰ শৰীৰ চৰ্চা নকৰা আদিৰ বাবেই ইউৰিক এচিড বাঢ়িবলৈ ধৰে৷ ইউৰিক এচিড বাঢ়িলে পৰৱৰ্তী সময়ত কিডনী বিকল হৈ পৰিব পাৰে৷ বহুতৰে ধাৰণা যে ইউৰিক এচিড বাঢ়িলে অকল ভৰিৰ পতা ফুলে৷ এই ধাৰণা ভুল৷ ইউৰিক এচিড বঢ়াৰ লগে লগে আন কিছুমান উপসৰ্গয়ো দেখা দিব পাৰে৷ উল্লেখ কৰা হ’ল ইউৰিক এচিড বাঢ়িলে দেখা দিব পৰা অন্যান্য উপসৰ্গ৷

কেতিয়াবা কেতিয়াবা কাণৰ পাছফালে চাগুৰ দৰে কেতবোৰ টেমুনাৰ সৃষ্টি হয়৷ এনেকুৱা হ’লে অৱহেলা নকৰিব৷ ই ইউৰিক এচিড বঢ়াৰ উপসৰ্গ হ’ব পাৰে৷ এনে টেমুনা সাধাৰণতে ৰঙা হৈ উঠে৷ কাণৰ লগতে কাষলতি, আঁঠু বা শৰীৰৰ অন্যান্য অংশত এনে টেমুনা দেখিলে চিকিৎসকৰ কাষ চাপক৷

ইউৰিক এচিড বাঢ়িলে আন এক সমস্যা হ’ব পাৰে৷ তেনে এক সমস্যা হৈছে গাউট৷ গাউট হ’লে আঙুলিৰ গাঁঠিবোৰ ফুলি উঠে৷ তদুপৰি ইউৰিক এচিড বাঢ়িলে কিডনী ষ্টোন হোৱাৰ আশংকা থাকে৷

ইউৰিক এচিডৰ সমস্যাৰ পৰা কিদৰে নিৰাময় লাভ কৰিব

[ক] প্ৰচুৰ পৰিমাণে পানী খাওক৷

[খ] দিনত অন্ততঃ এবাৰ এগিলাচ নেমুপানী খোৱাৰ অভ্যাস কৰক৷

[গ] ছাগলীৰ মাংস, মিছা মাছ, সাগৰীয় মাছ, হাইপ্ৰ’টিন, মচুৰ দাইল, কণীৰ কুহুম আদি খোৱাৰ পৰা বিৰত থাকক৷

[ঘ] চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মিত দৰৱ খোৱা কৰক৷ নিজ ইচ্ছানুসৰি দৰৱ নাখাব৷ বছৰত অন্ততঃ দুবাৰ ইউৰিক এচিড পৰীক্ষা কৰক৷

You May Also Like

More From Author