ফেচবুকত প্ৰেমত পৰি পাকিস্তানলৈ যোৱা মহিলা সন্তানৰ মোহত পুনৰ উভতিল ভাৰতলৈ

1 min read

প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল। প্ৰেমৰ বাবে আজিলৈ জগতত বহুজনে বহু আশ্যৰ্যকৰ কাম কৰি গৈছে। তাৰে বহু কাহিনী এতিয়া ইতিহাসৰ পাতত খোদিত হৈছে। প্ৰেমৰ বাবেই এইবাৰ এক আশ্যৰ্যকৰ কাম কৰিলে ৰাজস্থানৰ এগৰাকী বিবাহিত আৰু দুটি সন্তানৰ মাতৃয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি, চলিত বৰ্ষৰ জুন মাহত ফেচবুকৰ প্ৰেমিকক লগ কৰিবলৈ সূদূৰ পাকিস্তানলৈ পলাই গৈছিল ৰাজস্থানৰ ভিৱাদীৰ নিবাসী অঞ্জু নামৰ মহিলাগৰাকী। পাকিস্তানলৈ গৈ ইছলাম ধৰ্ম গ্ৰহণ কৰি ফাটিমা নাম লৈছিল মহিলাগৰাকীয়ে। ২০১৯ চনত ফেচবুকত চিনাকী হৈ প্ৰেম হোৱা নাছৰুল্লাহৰ সৈতে বিবাহপাশতো আৱদ্ধ হৈছিল অঞ্জু।

কিন্তু নাছৰুল্লাহৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কিছুদিন পাছতেই অঞ্জুৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিবলৈ লয়। এইবাৰ মাতৃপ্ৰেম জাগি উঠে অঞ্জুৰ। ৰাজস্থানত এৰি যোৱা ১৫বছৰীয়া পুত্ৰ সন্তান আৰু ৪ বছৰীয়া কন্যা সন্তানলৈ মনত পৰিবলে ল’লে অঞ্জুৰ। ভাৰতলৈ আহি এবাৰ সন্তান দুটাক লগ কৰি যোৱাৰ মন কৰি যোৱা অক্টোবৰ মাহত ভাৰতলৈ আহিব বিচাৰিছিল অঞ্জুয়ে কিন্তু ভিচাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হোৱাত আহিব নোৱাৰিলে।

অৱশেষত বুধবাৰে নিশা আট্টাৰী-ৱাঘা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে অঞ্জুৱে। ভাৰতত প্ৰৱেশ কৰি অঞ্জুৱে সংবাদ মাধ্যমৰ আগত কয় যে, ভাৰতলৈ আহি তেওঁ সুখী। তেওঁৰ অন্য একো ক’বলগীয়া নাই।

আনহাতে অঞ্জুৰ পূৰ্বৰ স্বামী অৰবিন্দই সংবাদ মাধ্য়মৰ আগত জনোৱা অনুসৰি, অঞ্জুয়ে জয়পুৰলৈ যাম বুলি ঘৰৰ পৰা উলাই গৈছিল। বহু অনুসন্ধানৰ পাছতহে অঞ্জু পাকিস্তানলৈ যোৱাৰ কথা তেওঁলোকে জানিব পাৰিছিল। ইতিমধ্যে অৰবিন্দই অঞ্জুৰ বিৰুদ্ধে ভিৱাড়ী থানাত প্ৰৱঞ্চনামূলক দ্বিতীয় বিবাহ, হত্যা আদিকে ধৰি কেইবাটাও গোচৰ ৰুজু কৰিছে। এতিয়া অঞ্জুৱে এই সকলো গোচৰৰ সন্মুখীন হ’ব লাগিব বুলি বিশেষ সূত্ৰে জানিবলৈ দিয়ে।

You May Also Like

More From Author