অস্বাভাৱিক হাৰত কমিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰঃ স্তব্ধ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

1 min read

বর্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্রাস পোৱাৰ ফলত বাধাগ্রস্ত অসমৰ আৰু বাংলাদেশৰ মাজৰ আন্তঃৰাষ্ট্রীয় বাণিজ্য। ব্ৰহ্মপুত্ৰৰ জলস্তৰ এনেদৰে হ্রাস পোৱাৰ পাছত ধুবুৰীৰ বন্দৰত বিগত ৯ দিনে আৱদ্ধ হৈ আছে বাংলাদেশৰ ৫খনকৈ মালবাহী জাহাজৰ লগতে ইয়াত থকা ২০জন বাংলাদেশী নাবিকসহ জাহাজৰ কৰ্মীসকল। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অন্তর্দেশীয় জলমার্গ প্ৰাধিকৰণে বর্তমান ব্রহ্মপুত্র ড্রেজাৰেৰে খননৰ ব্যৱস্থা কৰিছে। বিগত তিনিদিনে এখন ড্রেজাৰেৰে চলি আছে ব্রহ্মহ্মপুত্ৰৰ এই খননকার্য। কিন্তু এতিয়ালৈকে ধুবুৰী বন্দৰৰ পৰা চলিব পৰা নাই জাহাজ। জানিব পৰা মতে, বিগত ৯ দিনৰ পৰা ভাৰতীয় অন্তর্দেশীয় জলমার্গ প্ৰাধিকৰণৰ ধুবুৰীৰ পঞ্চঘাটস্থিত জাহাজ ঘাট কার্যতঃ বন্ধ হৈ পৰিছে। ফলস্বৰূপে ৰাজ্যৰ ধুবুৰীৰ বন্দৰৰ পৰা বাংলাদেশৰ চিলমাৰী নদী বন্দৰৰ মাজৰ আমদানি-ৰপ্তানি সম্পূর্ণৰূপে স্তব্ধ হৈ পৰিছে। উল্লেখ্য, ভূটান, ভাৰত আৰু বাংলাদেশৰ চৰকাৰৰ মাজত ত্রিপাক্ষিক চুক্তিৰ জৰিয়তে ভূটানৰ শিল অসমৰ ধুবুৰীৰ জাহাজ বন্দৰ ব্যৱহাৰ কৰি বাংলাদেশ লৈ ৰপ্তানি হয়। ইয়াৰ ফলত তিনিওখন দেশে বৃহৎ বাজহ আৰু কৰেৰে লাভান্বিত হয়। কিন্তু ব্রহ্মপুত্রৰ জলস্তৰ বিগত পোন্ধৰ দিনত অস্বাভাবিকভাবে হ্রাস পোৱাত ভূটানৰ পৰা আমদানি আৰু বংলাদেশলৈ ৰপ্তানি সম্পূর্ণৰূপে স্তব্ধ হৈ পৰিছে।

You May Also Like

More From Author