এইকেইটা লক্ষণে দেখা দিলে সাৱধান হওক..

1 min read

ছাইলেণ্ট হাৰ্টএটেক অতি ভয়ংকৰ৷ ইয়াৰ লক্ষণে দেখা দিয়াৰ পাছতো যদি ৰোগীয়ে গুৰুত্ব নিদিয়ে তেন্তে হিতে বিপৰীত হ’ব পাৰে৷ কেইটামান ঘণ্টা বা কেইমিনিটমানৰ ভিতৰতে আনকি ৰোগী মৃত্যু মুখতো পৰিব পাৰে৷ সাধাৰণতে হাৰ্টএটেকৰ লক্ষণ হৈছে বুকুৰ তীব্ৰ বিষ৷ পূৰ্বে এনে সমস্যাই দেখা নিদিয়া বাবে লোকজনে হয়তো এই বিষ গেছ বা অন্য কোনো কাৰণত হোৱা বুলি ধাৰণা কৰে৷ কিন্তু এই ধাৰণা ভুলো হ’ব পাৰে৷ গতিকে বুকুত বিষ অনুভৱ কৰাৰ লগে লগে চিকিৎসকৰ কাষ চপা উচিত৷ অন্যথা লোকজনৰ জীৱন বিপদাপন্ন হ’ব পাৰে৷ বুকুৰ বিষৰ উপৰিও আন কেইটামান লক্ষণেও ছাইলেণ্ট হাৰ্টএটেকৰ ইংগিত দিয়ে৷ উল্লেখ কৰা হ’ল এনে কেইটামান লক্ষণ–

⬛বুকুত বিষ অনুভৱ কৰা বা কোনোবাই বুকুখন হেঁচি ধৰা যেন অনুভৱ কৰিলে ই ছাইলেণ্ট হাৰ্টএটেকৰ ইংগিত হ’ব পাৰে৷

⬛বুকুত হেঁচা অনুভৱ কৰাৰ লগতে উশাহ-নিশাহ লোৱাত অসুবিধা হ’লেও ছাইলেণ্ট হাৰ্টএটেকৰ লক্ষণ হ’ব পাৰে৷

⬛মূৰ গধুৰ লগা, হঠাৎ মূৰ ঘূৰোৱা, ঠাণ্ডাতো ঘাম ওলোৱা আদিও ছাইলেণ্ট হাৰ্টএটেকৰ লক্ষণ হ’ব পাৰে৷

কিমান ভয়ংকৰ ছাইলেণ্ট হাৰ্টএটেক?

⬛ছাইলেণ্ট হাৰ্টএটেক হোৱাৰ পূৰ্বে স্বাস্থ্যৰ বিশেষ পৰিৱৰ্তন হোৱা দেখা নাযায়৷ সাধাৰণতে অন্য কোনো ৰোগত ভুগিলে শৰীৰত যিধৰণৰ পৰিৱৰ্তন হয়, ছাইলেণ্ট হাৰ্টএটেক হোৱা লোকৰ ক্ষেত্ৰত সেয়া দৃষ্টিগোচৰ নহয়৷ যাৰ বাবে ৰোগীয়ে বুকুত বিষ অনুভৱ কৰিলেও তাক সাধাৰণ সমস্যা বুলি ধাৰণা কৰে৷ ফলত ৰোগীৰ হিতে বিপৰীত হয়৷

ল’বলগা সাৱধানতাঃ

⬛কেতিয়াবা ছাইলেণ্ট হাৰ্টএটেক হোৱাৰ পাছতো লোকজন  স্বাভাৱিক হৈ পৰে৷ কিন্তু ই পুনৰবাৰ হাৰ্টএটেক হোৱাৰ লক্ষণো হ’ব পাৰে৷ এনেক্ষেত্ৰত চিকিৎসকৰ কাষ চপা উচিত৷

You May Also Like

More From Author