এই ৫টা উপসৰ্গ দেখা দিলে বুজিব গল ব্লাডাৰত পাথৰ হৈছে…

1 min read

মানুহৰ কৰ্মব্যস্ত জীৱনত সময়ৰ লগত দৌৰোতে কিছুমান ৰোগৰ প্ৰকোপ বাঢ়িছে৷ তাৰে ভিতৰত গল ব্লাডাৰ ষ্টোনৰ সমস্যাও এটা৷ বিভিন্ন বয়সৰ মানুহে এই সমস্যাত ভোগে৷ এই ৰোগৰ মূল উপসৰ্গ হ’ল পেটৰ বিষ৷ নিয়মিত পেটৰ বিষে এই কথাৰ জাননী দিয়ে যে গল ব্লাডাৰত পাথৰ জমা হৈছে৷

কি কাৰণে গল ব্লাডাৰত পাথৰ জমা হ’ব পাৰে?

[১] অনেক সময় খালী পেটে থাকিলে গল ব্লাডাৰ হোৱাৰ সম্ভাৱনা থাকে৷

[২] ওজন বৃদ্ধি পালে গল ব্লাডাৰৰ ওপৰত চাপ পৰে৷ এই কাৰণেও অনেক সময়ত গল ব্লাডাৰত পাথৰ জমা হয়৷

[৩] চল্লিশ বছৰৰ পাছত এই ৰোগৰ আশংকা বেছি৷ সেয়ে চল্লিশৰ ওচৰ-ওচৰি সময়ত পানী খোৱাটো অতি জৰুৰী৷

[৪] ডায়েবেটিছ থাকিলে সতৰ্ক হ’ব লাগে৷ কাৰণ এই ৰোগত আক্ৰান্তসকলৰ গল ব্লাডাৰ পাথৰ জমা হোৱাৰ আশংকা বেছি৷

[৫] বংশগত ৰোগ থাকিলে সাৱধান হোৱাটো ভাল৷ কাৰণ পাৰিবাৰিকভাৱেও এজনৰ পৰা আন এজনৰ শৰীৰলৈ ই যাব পাৰে৷

কি কি উপসৰ্গই জাননী দিয়ে যে আপুনি গল ব্লাডাৰত আক্ৰান্ত

[১] গল ব্লাডাৰত পাথৰ হ’লে মাংস বা তেল-মচলাযুক্ত খাদ্য খালে পেটত তীব্ৰ যন্ত্ৰণা হয়৷ লগতে বমিও হ’ব পাৰে৷

[২] মাজে মাজে কঁপনি জ্বৰ উঠে আৰু পেটৰ বিষো অনুভৱ হয়৷

[৩] গল ব্লাডাৰত পাথৰ জমা হ’লে পেটৰ সোঁফালে বিষ অনুভৱ হয় আৰু এই বিষ কান্ধ পৰ্যন্ত পায়গৈ৷

[৪] প্ৰস্ৰাৱৰ ৰং দেখিও সতৰ্ক হ’ব পাৰি৷ গাঢ় হালধীয়া ৰঙৰ প্ৰস্ৰাৱ হ’লে বুজিব লাগিব গল ব্লাডাৰত পাথৰ হৈছে৷

[৫] গল ব্লাডাৰত পাথৰ হ’লে অনেকৰেই জণ্ডিছৰ দৰে ৰোগত আক্ৰান্ত হয়৷ জণ্ডিছ হ’লেও সতৰ্ক হোৱাটো ভাল৷

You May Also Like

More From Author