উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ বাবে এনে খাদ্য খাওক..

1 min read

উচ্ছ ৰক্তচাপত ভোগা লোকৰ সংখ্যা প্ৰতিদেনই বাঢ়িছে৷ মানসিক চাপ ইয়াৰ অন্যতম কাৰণ৷ তদুপৰি জীৱনধাৰণ প্ৰণালীৰ ওপৰতো ই নিৰ্ভৰ কৰে৷ ৰক্তচাপ নিয়ন্ত্ৰণত নাথাকিলে কেতিয়াবা হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা থাকে৷ সেয়েহে মানসিক চাপৰ পৰা মুক্ত হৈ থকাৰ লগতে খাদ্যগ্ৰহণৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হ’ব লাগে৷ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ বাবে খাদ্য তালিকাত নিয়মীয়াকৈ শাক-পাচলি, ফলমূল আদি ৰাখিব লাগে৷

বেদানাৰ ৰসঃ বেদানাৰ ৰসত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ তদুপৰি ইয়াত আছে এক বিশেষ ধৰণৰ প্ৰোটিন যি ৰক্ত চাপৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ বেদানাৰ ৰস খালে তেজ চলাচল নিয়মীয়া হয় আৰু ই উচ্ছ ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷

বিটৰ ৰসঃ বিটত প্ৰচুৰ পৰিমাণে নাইট্ৰেট থাকে৷ যি শৰীৰৰ ৰক্তসঞ্চালনাত সহায় কৰে৷ প্ৰতিদিনে বিটৰ ৰস খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷

ডাবৰ পানীঃ ডাবৰ পানীত  প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে৷ যাৰ বাবে ডাবৰ পানী খালে উচ্ছ ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণ থাকে৷ তদুপৰি ডাবৰ পানীত আছে ইলেক্টª’লাইটৰ দৰে উপাদান৷ যি ৰক্ত চাপৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷ ডাবৰ পানী খালে হূদৰোগৰ আশংকাও হ্ৰাস পায়৷

দৈঃ দৈ খালে কেৱল হজম শক্তিয়েই বৃদ্ধি নহয়৷ নিয়মীয়াকৈ দৈ খালে উচ্ছ ৰক্তচাপৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ দৈত আছে প্ৰচুৰ পৰিমাণে কেলছিয়াম, মেগনেছিয়াম আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থ৷ যি ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ সেয়েহে উচ্ছ ৰক্তচাপৰ পৰা হাত সাৰিবলৈ এইদৰে খাদ্য তালিকা প্ৰস্তুত কৰক৷

You May Also Like

More From Author