” নেলীৰ কথা” অসমীয়া কথাছবিৰ প্ৰমোশ্যনেল গীত শুভ উদ্বোধন

0 min read

মঙ্গলবাৰে নগাঁৱত ৮৩ৰ নেলী গণহত্যাৰ আধাৰত নিৰ্মান কৰা অসমীয়া কথাছবি ” নেলীৰ কথা” দ্বিতীয়টি প্ৰমোশ্যনেল গীতটিৰ শুভ উদ্বোধন কৰে বিশিষ্ট চলচিত্র নিৰ্মাতা অৰূপ মান্নাই।

নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ সংবেদনশীলতাৰে পাৰ্থজিৎ বৰুৱাই “নেলীৰ কথা” চিনেমাখন নিৰ্মাণ কৰিছে । উল্লেখ্য যে ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাও জিলা) নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক আজিও অসমীয়া সমাজে পাহৰিব পৰা নাই । নেলীৰ আকাশত যেন এতিয়াও বিয়পি আছে সেই আৰ্তনাদ । আনহাতে নেলীৰ গনহত্যা এক হিংসাৰ ঘটনা যদিও কোনো হিংসাত্মক দৃশ্য ৰূপায়ন কৰা নাই বুলি মন্তব্য কৰে কথাছবি খনৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই ।১০২ মিনিট দৈৰ্ঘ্যৰ “নেলীৰ কথা” গীতটিৰ শুভ উদ্বোধন কৰে বিশিষ্ট চলচিত্র নিৰ্মাতা অৰূপ মান্নাই । উল্লেখ্য যে “নেলীৰ কথা” চিনেমাখন সমগ্ৰ অসমতে ডিচেম্বৰ মাহৰ ৮ তাৰিখে চিত্ৰগৃহত মুক্তি লাভ কৰিব।

You May Also Like

More From Author