অনুষ্কাৰ ৰহস্যজনক মৃত্যুত জড়িত তৃতীয় পক্ষ! তদন্তত নতুন মোৰ

1 min read

মহানগৰীৰ হেঙেৰাবাৰীৰ ভাৰাঘৰত যোৱা ২৬ নৱেম্বৰত ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়াও মাৰ যোৱা নাই চাঞ্চল্য। দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনাই প্ৰতিদিনে লৈছে নতুন মোৰ। ঘটনা সন্দৰ্ভত আৰু দিছপুৰ আৰক্ষীয়ে মঙলবাৰে দুজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, ৰুবুল শইকীয়া আৰু ধনমণি সোণোৱাল নামৰ দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে। দিছপুৰ আৰক্ষীয়ে আটক কৰে দুয়োকে। আটক কৰা দুয়োজন যুৱকৰ ঘৰ ধেমাজিত। জানিব পৰা মতে, অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়াৰ বন্ধু দুই যুৱক। ধনমণিৰ বাবে ৰাহুল আৰু অনুষ্কাৰ মাজত হৈছিল কাজিয়া।

অনুষ্কাৰ মৃত্যুৰ পিছতেই প্ৰেমিক ৰাহুলক দিছপুৰ আৰক্ষীয়ে আটক কৰি দীঘলীয়া জেৰা চলাইছিল। কিন্তু জেৰাৰ অন্তত যাবলৈ দিয়া হৈছিল ৰাহুলক। জেৰাৰ অন্তত আৰক্ষীৰ ফালৰ পৰা কোৱা হয় যে ভুল বুজাবুজিৰ বাবেই নিজকে শেষ কৰিছিল অনুষ্কাই। এই ঘটনাত জড়িত নাই ঘৰৰ মালিক ৰমেশ ভৰালী আৰু বনকৰা মহিলা জুনু বৰা। ৰাহুলৰ প্ৰতিটো ভাষ্যৰ মিল পাইছে আৰক্ষীয়ে। মেছেজ উপেক্ষা কৰাৰ পিছত নিশা ১০.৩৮ বজাত ৰাহুলক শেষৰটো মেছেজ দিছিল অনুষ্কাই। মেছেজত লিখিছিল – ‘মোক আৰু তুমি নোপোৱা’। কিন্তু যেতিয়া ৰাহুলে সেই মেছেজ দেখিছিল তেতিয়ালৈ মৃত্যু হৈছিল অনুষ্কাৰ। আনহাতে বনকৰা মহিলা জুনু বৰাৰ ভাষ্য মতে, নিশা সেইদিনা ভাত খোৱা নাছিল অনুষ্কাই। গতিকে আৰক্ষী নিশ্চিত হৈছে যে, নিশাই চৰম পন্থা লৈছিল অনুষ্কাই।

উল্লেখযোগ্য যে, গুৱাহাটীলৈ আহি অনুষ্কাই যোগদান কৰিছিল এখন বিউটি পাৰ্লাৰত। আনহাতে, নিজৰ চাকৰিত ব্যস্ত আছিল ৰাহুল ৷ কিন্তু ইয়াৰ মাজতে অনুষ্কা আৰু ৰাহুলৰ মাজত কিছুদিনৰ পৰা কোনো এক কথাত আৰম্ভ হৈছিল সংঘাতৰ ৷ সংঘাতৰ পৰিণতিত ৰাহুলে এৰাই চলিব ধৰিছিল অনুষ্কাক ৷ কিন্তু অনুষ্কাই যেন সেই কথাক সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল ৷ অভিশপ্ত শনিবাৰে নিশা সেই কাজিয়াই লৈছিল চূড়ান্ত ৰূপ ৷ কাজিয়া কৰি কৰিয়েই ধেমাজিলৈ যোৱা ট্ৰেইনত ৰাহুলক আগবঢ়াই থৈছিল অনুষ্কাই ৷ তাৰ পাছৰে পৰা বহুবাৰ ফোন, মেছেজ কৰিও কোনো সঁহাৰি পোৱা নাছিল অনুষ্কাই। আজি পোহৰলৈ অহা এক খবৰ অনুসৰি, ধনমণিৰ বাবে ৰাহুল আৰু অনুষ্কাৰ মাজত হৈছিল সেই কাজিয়া।

আনহাতে, অনুষ্কা শইকীয়াৰ মাতৃয়ে হেঙেৰাবাৰীত অনুষ্কা থকা ৰমেশ ভৰালীৰ ভাৰাঘৰত উপস্থিত হৈ কেমেৰাৰ সন্মুখত কান্দি কান্দি বিস্ফোৰক অভিযোগ আনিছিল যে- “এয়া এক পৰিকল্পিত হত্যাকাণ্ড। ভাড়াঘৰৰ স্বত্বাধিকাৰী ৰমেশ ভৰালী আৰু বনকৰা মহিলা জুনু বৰাই হত্যা কৰিছে মোৰ ছোৱালীক। মোৰ ছোৱালীয়ে কেতিয়াও চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰে। মোৰ ছোৱালী বহুত প্ৰতিভাবান আৰু বহু সাহসী।” অনুষ্কাৰ মৃত্যুৰ পিছত শোকত ম্ৰিয়মাণ পৰিয়াল বৰ্গ ৷ পিতৃ মাতৃৰ দুচকুত নাই টোপনি ৷ অনুস্কা শইকীয়াৰ পিতৃ-মাতৃৰ বাৰম্বাৰ একেই অভিযোগ যে তেওঁলোকৰ কন্যাক হত্যা কৰা হৈছে ৷ আৰক্ষী প্ৰশাসনৰ ওপৰত এতিয়াও আশাবাদী পৰিয়ালটো- অনুস্কাই ন্যায় পাব ৷

অনুষ্কাৰ মাতৃৰ অভিযোগ অনুসৰি, যোৱা ২০ নৱেম্বৰত কন্যাৰ জন্মদিনটোও ভালকৈ পালন কৰিব পৰা নাছিল। নিশা ঘৰৰ গৰাকীয়ে দুৱাৰত টোকৰ দিয়াৰো অভিযোগ তুলিছে মাতৃয়ে। মাতৃয়ে কোৱা মতে তেওঁ প্ৰায়ে বুজাইছিল- “পিতৃ তুল্য ব্যক্তি হিচাপে হয়তো খবৰ ল’বলৈ আহে ৷” আনহাতে, প্ৰেমিক ৰাহুল শইকীয়াৰ ওপৰত থকা সন্দেহ নস্যাৎ কৰিছে অনুষ্কাৰ মাতৃয়ে। মাতৃৰ মতে অনুষ্কা আৰু ৰাহুল, দুয়োৰে বিবাহ প্ৰায় ঠিক হৈ আছিল ৷ অনুষ্কাৰ মাতৃয়ে বিস্ফোৰক অভিযোগ তুলি বাৰম্বাৰ কয়, “ঘৰৰ গৰাকী আৰু বনকৰা মহিলাগৰাকীৰ ষড়যন্ত্ৰৰ বলি হ’ল মোৰ ছোৱালী।”

উল্লেখযোগ্য যে, যোৱা ২৬ নৱেম্বৰত হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখৰ ৰমেশ ভৰালীৰ হাউচ নং ৩ত ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ। দেওবাৰে পুৱাৰ ভাগত জুনু বৰা নামৰ বনকৰা মহিলাগৰাকীয়ে চিপ লোৱা অৱস্থাত দেখা পাইছিল অনুষ্কাক। এক্সটেনচন কৰ্ডেৰে চিপ লৈছিল অনুষ্কাই। জীয়াই থকা বুলি লগে লগে তাৰ কাটি অনুষ্কাক নমাই আনিছিল জুনু বৰা নামৰ বনকৰা মহিলাগৰাকীয়ে। জুনু বৰাই লগে লগে ঘৰৰ মালিকক খবৰ দিছিল আৰু সেই সময়তে আৰক্ষীক খবৰ দিছিল ঘৰৰ মালিকে। কিন্তু আৰক্ষীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰিছিল অনুষ্কাৰ মৃতদেহ।

You May Also Like

More From Author