নাবালিকাক যৌন নিৰ্যাতনৰ অপৰাধত দুজনক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড…

0 min read

২০১৭ৰ জুনত দুধনৈৰ টাঙাবাৰীত সংঘটিত হৈছিল নাবালিকাক যৌন নির্যাতন চলোৱাৰ এক জঘন্য ঘটনা। গাঁওখনৰ সঞ্জয় বৰ্মনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল এগৰাকী নাবালিকাক যৌন নির্যাতন চলোৱাৰ।

তাৰ পাছতে ভুক্তভোগীৰ পৰিয়ালে দুধনৈ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সঞ্জয় বর্মনক কৰায়ত্ত কৰি পক্স’ আইনৰ অধীনত ৭০/১৭ নম্বৰ গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্রেৰণ কৰে। জেললৈ যোৱা অভিযুক্ত সঞ্জয় বর্মনে কেইমাহ মানৰ পাছতে জামিন লাভ কৰিছিল যদিও আদালতত বিচাৰ প্রক্রিয়া চলি আছিল।

ইপিনে, সেই বর্ষৰে জুলাইত দুধনৈৰ শিয়ালমাৰীতো একেই ধৰণৰ জঘন্য ঘটনা সংঘটিত হৈছিল। এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত গাঁওখনৰ পৰিমল সূত্ৰধৰৰ বিৰুদ্ধে পক্স’ আইনৰ অধীনত ৮৫/১৭ নম্বৰত এক গোচৰ ৰুজু হৈছিল।

২০১৭ ৰ পৰা প্ৰায় সাত বছৰে আদালতত বিচাৰ প্রক্রিয়া চলি থকাৰ অন্তত ২০২৩ ৰ চলিত মাহত দুই অভিযুক্তক ১০ বছৰকৈ কাৰাদণ্ড বিহে গোৱালপাৰাৰ বিশেষ ন্যায়ালয়ৰ আদালতে। দুয়োটা গোচৰ তৰা হৈছিল দুগৰাকী নাবালিকাক যৌন নির্যাতন
আৰু ধৰ্ষণৰ অপৰাধত।

উল্লেখ্য যে ৭০/১৭ নম্বৰ গোচৰৰ তদন্তকাৰী বিষয়া আছিল চন্দ্ৰ বাহাদুৰ সিং আৰু তুগুল বড়ো। আনহাতে, ৮৫/১৭ নম্বৰ গোচৰৰ তদন্তকাৰী বিষয়া আছিল বুদ্ধমোহন বর্মন আৰু তুগুল বড়ো।

গোৱালপাৰা বিশেষ ন্যায়ালয়ৰ ন্যায়াধীশে এই ৰায়দান কৰে। চৰকাৰী পক্ষৰ অধিবক্তা সঞ্জয় শৰ্মাৰ তত্ত্বাৱধানত এই দুই অভিযুক্তৰ বিচাৰ প্রক্রিয়া চলি আছিল।

You May Also Like

More From Author