ডিমা হাছাওত নিৰ্বাচনী হিংসা : দুষ্কৃতিকাৰীৰ আক্ৰমণত দুজন আহত…

0 min read

অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পাহাৰীয়া জিলা ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনকেন্দ্ৰিক হিংসাই সমগ্ৰ জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, ডিমা হাছাওৰ ছেমখৰ পৰিষদীয় সমষ্টিত এই নিৰ্বাচনী হিংসা সংঘটিত হৈছে । সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা দুজন যুৱক ক্ৰমে ৰাইডেন হাফলংবাৰ আৰু প্ৰকাশ ফংলʼক কোনো দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে । ৰাইডেন হাফৰংবাৰে জানিবলৈ দিয়া মতে, সমষ্টিটোৰ বৰ্তমানৰ এম এ চিগৰাকীৰ সমৰ্থকে চোকা অস্ত্ৰৰে দুয়োকে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ উপৰি প্ৰচণ্ড আক্ৰমণ কৰে। আহত দুয়োকে ততাতৈয়াকৈ মাইবং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে, ছেমখৰ সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী হেৰʼজীৎ জিডুঙে উক্ত ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি এনে ঘটনা ৰোধৰ বাবে আৰক্ষী প্ৰশাসনক সষ্টম হৈ থাকিবলৈ আহ্বান জনাইছে ।

You May Also Like

More From Author