ঘৰৰ এই তিনিটা স্থানত লুকাই থাকে দৰিদ্ৰতা! আজিয়ে সলনি কৰক এই স্থান, ভাগ্য উদয় হ’ব আপোনাৰ

1 min read

প্ৰতিজন মানুহেই যিমান পাৰে তাতোতকৈ বেছি উপাৰ্জন কৰিবলৈ চেষ্টা কৰে। কিছু সংখ্যকে উপাৰ্জন কৰে যদিও, জমা কৰিব নোৱাৰে সেই ধন। আয়-ব্যয়ৰ মাজত ভাৰসাম্যহীনতাৰ বাবে এজন ব্যক্তি দুখীয়া হৈয়েই থাকে। জ্যোতিষ আৰু বাস্তু শাস্ত্ৰৰ মতে ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে। বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ তিনিটা স্থানত দৰিদ্ৰতাই বাস কৰে বুলি বিশ্বাস কৰা হয়। দৰিদ্ৰতাৰ পৰা ৰক্ষা পৰিবলৈ কিছু ব্যৱস্থা আছে। সলনি কৰক ঘৰখনৰ এইকেইটা বস্তুৰ স্থান আপোনাৰ ঘৰতো জমা হ’বলৈ আৰম্ভ কৰিব টকা।

জ্যোতিষ আৰু বাস্তু শাস্ত্ৰই ঘৰৰ তিনিটা প্ৰধান স্থানত মানুহৰ দৰিদ্ৰতাৰ সৈতে সংযোগ কৰা দেখা যায়। ইয়াৰ ভিতৰত আছে পানীৰ টেংকি, শৌচাগাৰ, ঘৰৰ উত্তৰ দিশ।

ঘৰত পানী যোগানৰ বাবে সকলোৱে পানীৰ টেংকি বনাই লয়। কিন্তু আপোনাৰ ঘৰৰ পানীৰ টেংকিটো যদি দক্ষিণ-পূব দিশত থাকে তেন্তে ই ঘৰখনৰ ক্ষতিসাধন কৰিব পাৰে। দক্ষিণ-পূব জুইৰ স্থান আৰু যেতিয়া জুইৰ ঠাইত পানী ৰখা হয় তেতিয়া জীৱনত ঋণাত্মক শক্তি আহে। ইয়াৰ ফলত ঘৰত কাজিয়া, মাৰপিট, বিবাদ বাঢ়ি যায়। ইয়াৰ পৰিণতি হিচাপে এজন ব্যক্তিৰ অৰ্থনৈতিক অগ্ৰগতিত বাধা আহি পৰে।

বাস্তু শাস্ত্ৰ অনুসৰি, যদি শৌচাগাৰটো ঘৰৰ উত্তৰ-পূব দিশত নিৰ্মাণ কৰা হয়, তেন্তে সেই ব্যক্তিজনে টকাৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। অৰ্থনৈতিক অৱক্ষয়ৰ বাহিৰেও ই স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ঘৰৰ উত্তৰ-পূব দিশত কেতিয়াও শৌচাগাৰ নাৰাখিব। তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। নতুনকৈ ঘৰ এখন কিনা বা বনোৱাৰ সময়তো লক্ষ্য ৰাখিব এই কথাৰ।

আনহাতে, সদায় গোটেই ঘৰখন পৰিষ্কাৰ হ’ব লাগে। ইয়ে ঘৰখনলৈ ইতিবাচকতা আনে। বাস্তু শাস্ত্ৰ অনুসৰি, যদি ঘৰৰ উত্তৰ দিশত জাৱৰ থাকে বা সামগ্ৰীবোৰ বিচ্ছিংখল হৈ থাকে, তেন্তে ইয়ে দৰিদ্ৰতাৰ আটাইতকৈ ডাঙৰ কাৰণ। এই দিশটো ভগৱান কুবেৰৰ। সেয়ে এই দিশৰ পৰা অহা শক্তিয়েই আপোনাৰ জীৱনৰ অৱস্থা নিৰ্ণয় কৰে। এই দিশত কেতিয়াও জাবৰ-জোঁথৰ নাৰাখিব।

You May Also Like

More From Author