জুৰীয়াত অগপৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ জিলা অধিবেশন: নগাঁও জিলা সমিতি গঠন

1 min read

অসম গণ পৰিষদৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদৰ নগাঁও জিলা সমিতি খন আজি গঠন কৰা হয়। জিলা খনৰ অধীনস্থ সাতটা বিধানসভা সমষ্টিৰ প্ৰতিটো বিধান পৰিষদৰ পৰা পাচ গৰাকী সদস্যৰ অন্তৰ্ভুক্তি ৰে জিলা সমিতি খন গঠন কৰা হয় ।

ধৰ্মীয় সংখ্যালঘু পৰিষদ গঠনৰ উদ্দেশ্যে আজি জুৰীয়াৰ দগাওঁ আঞ্চলিক মহিলা সমিতিৰ অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত জিলা পৰ্যায়ৰ অধিবেশন খনত মূখ্য অতিথি হিচাপে উপস্থিত থাকি অগপৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আনোৱাৰ হুছেইনে আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ স্বাৰ্থত সকলো ধৰ্মীয় সংখ্যালঘু লোককে অগপ দলত যোগদান কৰিবলৈ আহ্বান জনায়।

ভাষন প্ৰসংগত আনোৱাৰ হুছেইনে কয় যে অগপ দল আজিৰ দিনত কিছু পৰিমাণে সংকটৰ মাজত আছে যদিও অগপ দলক উজ্জীৱিত কৰিবৰ বাবে যি কেইটা জনগোষ্ঠীয়ে নিৰ্নায়ক ভুমিকা গ্ৰহণ কৰিব পাৰে তাৰ ভিতৰত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় অন্যতম বুলি উল্লেখ কৰি‌ কয় যে কংগ্ৰেছে সংখ্যালঘু ৰাইজক আতংকৰ মাজত ৰাখি ৰাজনীতি কৰি অহাৰ দৰে এ আই ইউ ডি এফে সাম্প্ৰদায়িকতাৰ দোহাই দি ৰাজনীতি কৰি অহাৰ বিপৰীতে অগপ দলে সদায় সকলো জনগোষ্ঠীক লৈ সমন্বয়ৰ ৰাজনীতিক গুৰুত্ব দি আহিছে।

অগপক শক্তিশালী কৰি বৰ অসম গঢ়াত সহায় কৰিবলৈ ৰাইজক আহ্বান জনায়। সভাপতিৰ ভাষণত নগাঁও জিলা অগপৰ সভাপতি মনিমাধৱ মহন্তই সম উন্নয়ন , সম অধিকাৰ আৰু সম বিকাশ নীতিৰে অগপ দলে সমগ্ৰ অসম খনক আগবঢ়াই নিয়াৰ চেষ্টা চলাই অহা অগপ দলত সংখ্যালঘু সকল সদায় নিৰাপদ বুলি উল্লেখ কৰে।

অসমৰ ধৰ্মীয় সংখ্যালঘু লোক সকলক কংগ্ৰেছে আৰু এ ইউ ডি এফে ভয়- ভাবুকিৰে ৰাজনৈতিক শোষণ চলাই আহিছে তাৰ পৰা পৰিত্ৰাণ দিবলৈ অগপৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদ সমূহ নতুনকৈ গঠন কৰি শক্তিশালী কৰাৰ প্ৰচেষ্টা চলোৱা বুলি উল্লেখ কৰে।

ধৰ্মীয় সংখ্যালঘু পৰিষদৰ আহ্বায়ক ৰুকুন উদ্দিন আহমেদ আঁত ধৰা প্ৰতিনিধি সভাখনত প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা, অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিষ্ণু দাস, কেন্দ্ৰীয় সমিতি সম্পাদক অতুল মেধিয়েও দলীয় সতীৰ্থ সকলক শক্তিশালী কৰিবলৈ বিভিন্ন উদ্গনি মূলক বক্তব্য আগবঢ়ায়।

You May Also Like

More From Author