পদিনা কিয় খাব লাগে? পদিনাৰ উপকাৰিতা সম্পৰ্কে জানো আহক….

1 min read

পদিনা হয়তো সকলোৰে প্ৰিয়। পদিনাৰ চাটনি বেয়া পোৱা মানুহ নায়েই চাগৈ ৷ বিশেষকৈ কেঁচা আমৰ লগত পদিনাৰ চাটনিৰ সোৱাদ অতুলনীয় ৷ বহু মানুহে চাহ, চৰ্বত আদিতো পদিনা পাত ব্যৱহাৰ কৰে। পদিনা বাৰমহীয়া সুগন্ধিযুক্ত বনৌষধি। ই যে অকল সোৱাদ বিশিষ্ট তেনে নহয়, বহুতো ঔষধি গুণ আছে ইয়াৰ ৷

এতিয়া পদিনাৰ উপকাৰিতা সন্বন্ধে জানো আহক-

১) চালাডত পদিনাৰ পাতৰ প্ৰয়োগ কৰাটো স্বাস্থ্যবৰ্ধক ।

২) পদিনাৰ পাত চোবাই খালে দাঁতৰ বিষ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, পায়ৰিয়া আদি ৰোগৰ পৰা হাত সাৰিব পাৰি ।

৩) পদিনাৰ ৪-৫ টা পাত লৈ পানীত উতলাই পানীখিনি ঠাণ্ডা হোৱাৰ পাছত ফ্ৰিজত ৰাখি সেই পানী মুখত লৈ কুলকুলি কৰিলে মুখৰ দূৰ্গন্ধ আঁতৰ হয় ।

৪)পদিনাৰ পাত মিহলাই তৈয়াৰ কৰা চাহ খালে ছালৰ বিকাৰ আৰু পেটৰ সকলো সমস্যা নাশ হয় ।

৫) পদিনাৰ পাতৰ পৰা প্ৰস্তুত কৰা তেল কীটনাশক হয় । এই তেল ঘৰৰ চাৰিওফালে ছটিয়ালে মহ, মাখি, পৰুৱা আদি পলাই যায় ।

৬) এটা গামলাত পানী লৈ সেই পানীত কেইটোপালমান পদিনাৰ তেল মিহলাই তাত ভৰিকেইটা ৰাখি থলে ভাগৰ নোহোৱা হয় ।

৭) পদিনাৰ পাত পিহি সেই প্ৰলেপ মুখত লগালে শালমইনা, বিভিন্ন দাগ,মুখত পৰা বৰ্ধিত বয়সৰ চাপ আদি নোহোৱা হয় ।

৮) পেট বিষত পদিনাৰ সজীৱ ৰসৰ লগত আদা আৰু সৈন্ধৱ লৱণ মিহলাই সেৱন কৰিলে লাভ হয় ।

You May Also Like

More From Author