কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

1 min read

কঁকালৰ বিষৰ সমস্যাত অধিকাংশ লোকে কম-বেছি পৰিমাণে ভাৰাক্ৰান্ত হয়। কাৰ্যালয়ত দীঘলীয়া সময় বহি থকা, শাৰীৰিক পৰিশ্ৰম তুলনামূলকভাৱে কমকৈ কৰা, শৰীৰচৰ্চাৰ অভাৱ আদি বিভিন্ন কাৰণত কঁকালৰ বিষৰ সমস্যাই দেখা দিয়ে।

কম বয়সীয়া লোকৰ মাজত এতিয়া এই সমস্যাই দেখা দিছে আৰু ক্রমশঃ দ্রুতভাৱে ই বিয়পি পৰিছে। শেহতীয়া গৱেষণা অনুসৰি আগন্তুক কেই বছৰমানৰ ভিতৰত ৮০ কোটি লোকে কঁকালৰ বিষৰ সমস্যাত ভুগিব আৰু এই সমস্যা ১৪ শতাংশ। বৃদ্ধি পাব।

সমীক্ষা অনুসৰি ২০১৭ৰ পৰা এই পর্যন্ত ৫০ কোটিৰ অধিক লোক কঁকালৰ বিষ সমস্যাত ভুগি আছে। ২০২০ত সমগ্ৰ দেশতে প্রায় ৬১.৯ কোটি মানুহ পিঠি আৰু কঁকালৰ বিষত আক্রান্ত হৈছে। ছিডনী বিশ্ববিদ্যালয়ৰ এক গৱেষণা অনুসৰি পিঠি আৰু কঁকালৰ বিষৰ সমস্যাৰ শীৰ্ষত আছে এছিয়া আৰু আফ্ৰিকাৰ দৰে দেশ।

চিকিৎসকসকলৰ মতে, বহুতে পিঠিৰ বিষৰ দৰে সমস্যাক যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ নকৰে; কিন্তু এই বিষ পুহি ৰাখিলে দীর্ঘস্থায়ী বহু ৰোগৰ জন্ম হয় । কঁকালৰ বিষৰ সূত্ৰ ধৰি ডায়েবেটিছ, হৃদৰোগ আৰু মানসিক অস্থিৰতাৰ দৰে নানা শাৰীৰিক সমস্যাই দেখা দিয়ে।

সেয়েহে পিঠিৰ বিষ অৱজ্ঞা নকৰি অধিক চিকিৎসাৰ প্ৰয়োজন আছে। তাৰ লগে লগে দৈনন্দিন জীৱন যাপনো সালসলনি কৰাটো জৰুৰী। বিশেষকৈ শৰীৰৰ ওজন বৃদ্ধি হ’বলৈ দিব নালাগে। একে সময়তে কেলছিয়ামযুক্ত খাদ্য বেছিকৈ খাব লাগে। হাড়ৰ যত্নৰ বাবে এইবোৰ প্রয়োজনীয়।

শৰীৰৰ অধিক ওজনে পিঠি বিষৰ সমস্যা বৃদ্ধি হ’ব পাৰে। একেদৰে শৰীৰ চৰ্চা কৰিব লাগে। দৈনিক এবাৰ হ’লেও ব্যায়াম কৰিব লাগে, যোগাসন কৰিব লাগে। সাঁতোৰো এটা ভাল ব্যায়াম। মুঠতে নিজকে সুস্থ-সবল কৰি ৰখাৰ চেষ্টা কৰিব লাগে ।

You May Also Like

More From Author