লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা..

0 min read

আজিৰ আধুনিক নাৰীয়ে লিপষ্টিকৰ কথা বাদ সৌন্দৰ্যচৰ্চাৰ কথা ভাবিবই নোৱাৰে। লিপষ্টিক, লিপ মজ, লিপবাম আদি নানা ৰকমৰ সামগ্ৰী নাৰীৰ ওষ্ঠ চৰ্চাৰ অন্যতম উপকৰণ। কিন্তু এইবোৰৰ ব্যৱহাৰৰ পাছতো অসংখ্য নাৰীয়ে জীৱনত বা কর্মক্ষেত্ৰত আগস্থান দখল কৰিবলৈ সক্ষম হৈছে।

কিন্তু সমস্যা হৈছে, এইবোৰ সামগ্ৰীৰ দ্বাৰা ৰূপচৰ্চা কৰাৰ ক্ষেত্ৰত কিছু হ’লেও সমস্যা সৃষ্টি হোৱাৰ উপক্ৰম ঘটিছে। ইয়াৰ কাৰণ হ’ল মার্কিন যুক্তৰাষ্ট্ৰৰ এদল গৱেষকৰ দাবী।

এই গৱেষকৰ দলটোৰ মতে, লিপষ্টিক ব্যৱহাৰৰ ফলত এগৰাকী মহিলাৰ বুদ্ধিমত্তা হ্ৰাস পাব পাৰে। কিন্তু কিয়? কাৰণ, লিপষ্টিকত থাকে সেই ধৰণৰ কেতবোৰ ক্ষতিকাৰক উপাদান। গবেষকসকলৰ মতে, লিপষ্টিকত থাকে এক বিশেষ প্ৰকাৰৰ চিচা। সেই চিচাই মানুহৰ বুদ্ধি, আচৰণ আৰু শিকাৰ ক্ষমতাত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

বিভিন্ন ব্ৰেণ্ডৰ লিপষ্টিক আৰু লিপ গ্ল’জ পৰীক্ষা কৰাৰ পাছত তেওঁলোকে এই বিষয়ত এক প্রতিবেদন তৈয়াৰ কৰিছে। পৰীক্ষাত অধিকাংশ ব্ৰেণ্ডৰ লিপষ্টিকত চিচা থকাৰ প্ৰমাণ পোৱা গৈছে। সেই চিচাৰ পৰিমাণ বৰ তাকৰ যদিও গৱেষকৰ দলটোৰ মতে, সামান্য পৰিমাণৰ চিচায়ো স্বাস্থ্যত ব্যাপক বিৰূপ প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উপৰি চিচাই মানসিক স্থিতিতো বিৰূপ প্রভাৱ পেলায়।

বিশেষকৈ গৰ্ভৱতী মহিলাই চিচাযুক্ত লিপষ্টিক ব্যৱহাৰ কৰিলে, তেওঁৰ গৰ্ভজাত সন্তানৰ স্বাস্থ্যও ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে। গৱেষকসকলে লগতে দাবী কৰিছে যে চিচাৰ প্ৰভাৱ সম্পর্কে সচেতন হ’লেই মহিলাসকলে লিপষ্টিক ব্যৱহাৰ কৰা বাদ দিব।

এইক্ষেত্ৰতো সকলোৰে মনত হয়তো আন এটা প্রশ্ন উদয় হ’ব পাৰে, সকলো কোম্পানীয়ে ব্যৱসায়ৰ স্বাৰ্থতহে লিপষ্টিক তৈয়াৰ কৰে। যদিহে লিপষ্টিকত ব্যৱহৃত চিচা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তেন্তে কোম্পানীবোৰে কিয় নিজৰ ব্যৱসায়ত সমস্যাৰ সৃষ্টি হ’ব পৰা চিচা লিপষ্টিকত ব্যৱহাৰ কৰে? আচলতে কোম্পানীবোৰে জ্ঞাতভাৱে লিপষ্টিকত চিচা প্ৰয়োগ নকৰে।

বৰঞ্চ লিপষ্টিকত প্ৰয়োগ কৰা বিভিন্ন ৰঙতে চিচা থাকে। আনহাতে, গৱেষণাত ৪৫ শতাংশ ব্ৰেণ্ডৰ লিপষ্টিকত চিচাৰ উপস্থিতি পোৱা নাই। অর্থাৎ চিচা অবিহনেও যে লিপষ্টিক তৈয়াৰ কৰা হয় আৰু সেইবোৰ নিশ্চিন্তমনে ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়তো গৱেষকৰ দলটো নিশ্চিত।

You May Also Like

More From Author