মহানগৰীৰ গেষ্ট হাউচত উদ্ধাৰ যুৱকৰ মৃতদেহ!

0 min read

মহানগৰত পুনৰ যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ কটাহবাৰীৰ খুচি গেষ্ট হাউছ নামৰ ল’জ খনৰ ১০৯ নং কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷

ইতিমধ্যে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷ প্ৰাপ্ত খবৰ অনুসৰি মৃত যুৱকজনৰ নাম পৰশমণি কলিতা ৷ ঘৰ বাইহাটা চাৰিআলিত ৷ সোমবাৰে বিয়লীভাগত কোঠাটোলৈ আহিছিল যুৱকজন ৷

You May Also Like

More From Author