এখন তিনি ফুটীয়া লোকৰ গাঁও, ক’ত আছে এইখন জানেনে?

1 min read

 

পৃথিৱীত এনেকুৱা কিছুমান স্থান আছে যিবোৰ বিচিত্র ধর্মী। তেনে এখন গাঁও আছে চীনৰ চিচুৱান প্ৰদেশত । য়াংচী নামৰ এই গাঁওখনক বহুতে অভিশপ্ত বুলিও ক’ব খোজে। ইয়াৰ কাৰণ হ’ল গাঁওখনৰ লোক সকলৰ শাৰীৰিক উচ্চতা। গাঁওখনৰ কোনো এজন লোকৰে উচ্চতা তিনি ফুটতকৈ অধিক নহয়। আটাইতকৈ আচৰিত কথাটো হ’ল গাঁওখনৰ শিশুবোৰৰ উচ্চতা সাত বছৰলৈকে বৃদ্ধি পায়। তাৰ পাছত উচ্চতা বৃদ্ধি পোৱাটো বন্ধ হৈ পৰে। গাঁওখনত বাস কৰা লোকসকলৰ সৰ্বাধিক উচ্চতা | তিনি ফুটহে, তাতকৈ অধিক নহয়। সেয়েহে, বহুতে এই গাঁওখনক বাওনাৰ গাঁও বুলি কয়। গাঁওখনৰ লোকসকলৰ বিষয়ে চৰ্চিত হৈ পৰাৰ পাছত একাংশ বিজ্ঞানী তাত উপস্থিত হৈছিলগৈ। কিন্তু গাঁওখনৰ লোকসকলৰ উচ্চতা কিয় তিনি ফুটতকৈ অধিক নহয় তাৰকাৰণ বিচাৰি উলিওৱাত সফলতা লাভ কৰিব নোৱাৰিলে। গাঁওখনত শিশুৰ জন্ম হোৱাৰ পাছত প্ৰায় পাঁচ বছৰলৈকে শৰীৰৰ শ্ৰীবৃদ্ধি স্বাভাৱিক অৱস্থাত থাকে। তাৰ পাছত লাগে লাগে উচ্চতা বৃদ্ধি পোৱাটো বন্ধ হ’বলৈ ধৰে আৰু সাত বছৰৰ পাছত কোনো শিশুৰে উচ্চতা বৃদ্ধি নহয় । গাঁওবাসীৰ মতে, গাঁওখনৰ লোকসকলৰ উচ্চতা তিনি ফুটতকৈ বৃদ্ধি নোপোৱাটো কেইবা শাতিকাৰ আগৰে পৰা হৈ আছে। তেওঁলোকৰ মতে আজিৰ পৰা কেইবা শতিকাৰ আগতে তেওঁলোকক অভিশাপ দিয়া হৈছিল আৰু তাৰেই ফল এতিয়ালৈকে ভোগ কৰি আছে।

You May Also Like

More From Author