বিশ্বৰ ৬০% লোক সামাজিক মাধ্যমত সক্রিয়: প্ৰতিবেদন

1 min read

 

সমগ্র বিশ্বৰ ৬০% তকৈ অধিক লোক সামাজিক মাধ্যমত সক্ৰিয় । এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে। ডিজিটেল পৰামৰ্শদাতা ফাৰ্ম কেপিয়ছে প্ৰকাশ কৰা তথ্য অনুসৰি বিশ্বক সামাজিক মাধ্যমত ব্যস্ত থাকা লোকৰ সংখ্যা যোৱা বছৰৰ তুলনাত ৩.৭% বৃদ্ধি পাইছে। সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ ইণ্টাৰনেট ব্যৱহাৰ কৰা লোকৰ সংখ্যা ৫১৯ কোটি, অর্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬৪.৫%। কেপিয়ছে প্ৰকাশ কৰা এখন প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। ইয়াত উল্লেখ কৰা অনুসৰি সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত স্থান ভেদে ভিন্নতা দেখিবলৈ পোৱা যায়। পূব আৰু মধ্য আফ্ৰিকাত প্ৰতি ১১ জন লোকৰ ভিতৰত মাত্ৰ এজন ব্যক্তি সামাজিক মাধ্যমত ব্যস্ত হৈ থকা দেখিবলৈ পেৱা যায়। ইয়াৰ বিপৰীতে ভাৰতত প্রতি তিনিজন ব্যক্তিৰ ভিতৰত এজনে সমাজিক মাধ্যম ব্যৱহাৰ কৰে। আনহাতে সামাজিক মাধ্যমত ব্যয় কৰা সময়ো বৃদ্ধি পাইছে। পূৰ্বতে সামাজিক মাধ্যমত ব্যয় কৰা সময়ৰ পৰিমাণ প্ৰতিদিনে দুই মিনিটৰ পৰা বৃদ্ধি পাই দুঘণ্টা ২৬ মিনিট হৈছেগৈ। ব্রাজিলৰ লোকসকলে প্রতি দিনে গড় হিচাপত ৩ ঘণ্টা ৪৯ মিনিট সামাজিক মাধ্যমত ব্যস্ত থাকে।

জাপানৰ লোকসকলে প্রতিদিনে এঘণ্টাতকৈ কম সময় ব্যয় কৰে সামাজিক মাধ্যমত । সাধাৰণতে সামাজিক মাধ্যমৰ সাতটা প্লেটফৰ্মত মানুহক ব্যস্ত থকা দেখা পোৱা যায়। প্রতিবেদনখনৰ মতে, হোৱাটছএপ, ইনষ্টাগ্রাম আৰু ফেচবুকৰ সৈতে মেটাৰ তিনিটা এপ সর্বাধিক ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত ভিচেট, টিকটক আৰু ইয়াৰ লোকেছ ভার্জন ডায়িন চীন আটাইতকৈ জনপ্রিয় এপ। আনহাতে টুইটাৰ, মেছেঞ্জাৰ আৰু টেলিগ্ৰামতো বৃহৎসংখ্যক লোক ব্যস্ত হৈ থাকে। টিকটকৰ বিশ্বাসযোগ্যতা কম হোৱা সত্ত্বেও আমেৰিকাত যথেষ্ট জনপ্রিয়।

You May Also Like

More From Author