নুনমাটি: প্ৰথম প্ৰেম তাৰ পিছত অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ কৰিলে ভাইৰেল; গ্ৰেপ্তাৰ প্ৰেমিক

0 min read

মহানগৰীত চাঞ্চল্যক ঘটনা। মানুহে কয় প্ৰেম হেনো স্বৰ্গীয় অনুভূতি। প্ৰেমত ঘূৰে ত্ৰিভূৱন, প্ৰেমত ফুলে শতদল। পিছে মদন মোহন আকৌ তেনে নহয়। প্ৰথমে প্ৰেম, তাৰ পিছত প্ৰেয়সীৰ সৈতে অভিসাৰ, তাৰ পিছত ফটোশ্বুট, অৱশেষত প্ৰেয়সীয়ে সৈতে অন্তৰংগ মুহূৰ্তত থকা ভিডিঅ’ কৰিলে ভাইৰেল।

মহানগৰীত নুনমাটি আৰক্ষীৰ জালত ভণ্ড প্ৰেমিক। সামাজিক মাধ্যমত প্ৰেমিকাৰ সৈতে থকা অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰি আৰক্ষীৰ জালত এজন যুৱক। উল্লেখ যে নাৰেংগীৰ বাবুবস্তিৰ মদন মোহন নামৰ যুৱকজনৰ সৈতে দীৰ্ঘ দিনে প্ৰেমৰ সংম্পৰ্ক আছিল এগৰাকী যুৱতী। প্ৰেমিক মদন মোহনে প্ৰেমিকাৰ সৈতে থকা অন্তৰংগ মুহূৰ্ত দৃশ্য বন্দী কৰিছিল নিজ ম’বাইলত। কিন্তু কিছুদিন পিছতে মদন মোহন আৰু যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক অৱনতি ঘটে।

অৱশেষত প্ৰেমিক মদন মোহনে প্ৰেমিকাৰ সৈতে থকা অন্তৰংগ মুহূৰ্তত থকা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰে। সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত উপায়ুন্তৰ হৈ যুৱতীগৰাকীয়ে কাষ চাপে নুনমাটি আৰক্ষীৰ। প্ৰেমিক মদন মোহনৰ বিৰুদ্ধে নুনমাটি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। যুৱতীগৰাকীৰ এজাহাৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে নাৰেংগীৰ পৰা গ্ৰেপ্তাৰ কৰে মদন মোহন।

You May Also Like

More From Author